জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনছ দলীয় শিতানত ৰূপৰ পদক জয় কৰিছে। ভাৰতৰ তিলোত্তমা সেন, ৱিদৰ্শা বিনোদ আৰু আচি চক্সিয়ে এহেজাৰ ৭৬৩ পইণ্ট লাভ কৰাৰ বিপৰীতে চীনে ১,৭৭৩ পইণ্টেৰে অভিলেখ গঢ়ি সোণৰ পদক জয় কৰে।
প্রতিযোগিতাত ভাৰতৰ মহিলা কাবাড়ী দলে আজি সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে ফাইনেলত ইৰানক ৩৭-৩৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। চলিত এছিয়ান গেমছত ভাৰতৰ মহিলা ক্রিকেট দল আৰু ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলীয় শিতানত সুৰুচি সিং ফৌগত আৰু কমলজিতে সোণৰ পদক অর্জন কৰাৰ পাছত এয়া হৈছে ভাৰতৰ তৃতীয়টো সোণৰ পদক।
ভাৰতৰ পুৰুষ কাবাডী দলে আজি ফাইনেলত ইৰানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন দিনৰ ২.৩০ বজাত আৰম্ভ হ’ব।
স্কোৱাচত অনাহত সিঙে মহিলাৰ ছিংগছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ১৮ বছৰীয়া খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত জাপানৰ ছাটমি ৱাটানাবেক ৯-১১, ১১-১৩, ১২–১০, ১১-৬, ১১-৩ গেমত পৰাস্ত কৰে।
পুৰুষৰ ছিংগল্ছত অভয় সিঙে পাকিস্তানৰ মহম্মদ ইফানৰ বিৰুদ্ধে ৩-০ৰ ব্যৱধানত জয়লাভ কৰি সোণৰ পদকৰ ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে জ্যোৎস্না চিনাপ্পা আৰু ৱেলাভান চেন্থিল কুমাৰে স্কোৱাছৰ মিক্সড ডাবল্ছত ব্ৰঞ্জৰ পদক জয় কৰে।