September 26, 2026 8:55 PM
17
এছিয়ান গেমছত মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনছ দলীয় শিতানত ভাৰতৰ ৰূপৰ পদক জয়
জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনছ দলীয় শিতানত ৰূপৰ পদক জয় কৰিছে। ভাৰতৰ তিলোত্তমা সেন, ৱিদৰ্শা বিনোদ আৰু আচি চক্সিয়ে এহেজাৰ ৭৬৩ পইণ্ট লাভ কৰাৰ বিপৰীতে চীনে ১,৭৭৩ পইণ্টেৰে অভিলেখ গঢ়ি সোণৰ পদক জয় কৰে। প্রতিযোগিতাত ভাৰতৰ মহিলা কাবাড়ী দলে আজি সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে ফাইনেলত ইৰানক ৩৭-৩৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। চলিত এছিয়ান গেমছত ভাৰতৰ মহিলা ক্রিকেট দল আৰু ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলীয় শিতানত সুৰুচি সিং ফৌগত আৰু কমলজিতে সোণৰ পদক অর্জন কৰাৰ পাছত এয়...