October 4, 2026 8:04 PM

views 12

ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি

দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি পৰে। নাগয়া চহৰৰ পালোমা মিজোহো ষ্টেডিয়ামত সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে ২১টা সোণ, ২৭টা ৰূপ আৰু ৩৭টা ব্ৰঞ্জ সহ মুঠ ৮৫টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুর্থ স্থান দখল কৰিছে। সামৰণি অনুষ্ঠানত শ্বুটাৰ নিৰু ঢাণ্ডাই ভাৰতীয় দলৰ ধবজা বহন কৰে। ২০৩০ চনত হ'বলগীয়া ডোহা এছিয়ান গেমছৰ আয়োজক সমিতিক শিখা আৰু পতাকা হস্তান্তৰ কৰি পৰম্পৰাগত প্ৰক্ৰিয়াৰে সামৰণিৰ আনুষ্ঠ...

September 26, 2026 8:55 PM

views 21

এছিয়ান গেমছত মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনছ দলীয় শিতানত ভাৰতৰ ৰূপৰ পদক জয়

জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনছ দলীয় শিতানত ৰূপৰ পদক জয় কৰিছে। ভাৰতৰ তিলোত্তমা সেন, ৱিদৰ্শা বিনোদ আৰু আচি চক্সিয়ে এহেজাৰ ৭৬৩ পইণ্ট লাভ কৰাৰ বিপৰীতে চীনে ১,৭৭৩ পইণ্টেৰে অভিলেখ গঢ়ি সোণৰ পদক জয় কৰে। প্রতিযোগিতাত ভাৰতৰ মহিলা কাবাড়ী দলে আজি সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে ফাইনেলত ইৰানক ৩৭-৩৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। চলিত এছিয়ান গেমছত ভাৰতৰ মহিলা ক্রিকেট দল আৰু ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলীয় শিতানত সুৰুচি সিং ফৌগত আৰু কমলজিতে সোণৰ পদক অর্জন কৰাৰ পাছত এয়...

September 24, 2026 8:58 PM

views 22

এছিয়ান গেমছত ভাৰত মুঠ ১৫ টা পদকেৰে তালিকাৰ ১৪ নম্বৰ স্থানত

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ ভাৰতৰ স্যাম সিং আৰু চলমান খানে পুৰুষৰ নৌচালনাৰ স্কল্‌ছৰ ডালছত ব্ৰঞ্জৰ পদক লাভ কৰিছে। ভাৰতীয় যুটিটোৱে এহেজাৰ ৫০০ মিটাৰলৈকে দ্বিতীয় স্থানত থাকে যদিও শেষৰ ৫০০ মিটাৰত তৃতীয় স্থানলৈ অৱনমিত হয়। ইয়াৰ পূৰ্বে সনাম সিঙে হাংঝৌ এছিয়ান গেমছত পুৰুষৰ কোৱাড্রপল স্কল্‌ছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এছিয়ান গেমছত মিক্স স্কিট দলীয় শাখাত ভাৰতে এইবাৰ প্ৰথমবাৰৰ বাবে পদক লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ ৰ’ছিবীনা দেৱীয়ে এছিয়ান গেমছৰ উৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শি...

September 23, 2026 8:01 PM

views 13

এছিয়ান গেমছত মহিলাৰ ভাৰোত্তোলনৰ ফাইনেলত মীৰাবাঈ চানুৰ ৰূপৰ পদক জয়ে

ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানুৱে জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত মহিলাৰ ভাৰোত্তোলনৰ ৪৯ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত ৰূপৰ পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। মীৰাবাঈয়ে মুঠ ১৯৮ কিলোগ্রাম ভাৰোত্তোলন কৰে। চানুবে ২০২০ চনৰ টকিঅ' অলিম্পিকত ৰূপৰ পদক জয় কৰিছিল। ইপিনে, ভাৰতৰ জয় মীনাই এছিয়ান গেমছৰ পুৰুষৰ শ্বফট টেনিছত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। মীনাই আজি ছেমিফাইনেলত জাপানৰ তাকুয়া কুৰোছাকাৰ হাতত ২-০ ফলাফলত পৰাভূত হয়। অৱশ্যে খেলুৱৈগৰাকীয়ে ছেমিফাইনেলত প্রবেশ কৰাৰ সুবাদত ব্ৰঞ্জৰ পদক ...

September 20, 2026 12:24 PM

views 13

এছিয়ান গেমছৰ মহিলা ক্রিকেটৰ ছেমি ফাইনেলত ভাৰত আৰু বাংলাদেশৰ মুখামুখি

কুৰি সংখ্যক এছিয়ান গেমছৰ বিভিন্ন শিতানত আজি কেইবাগৰাকী ভাৰতীয় এথলিটে পদক জয়ৰ বাবে অৱতীৰ্ণ হৈছে। ভাৰতৰ টেক বল খেলুৱৈ কুইমছি ডিছ'জাই ব্ৰঞ্জৰ পদকৰ বাবে জাপানৰ য়ুইনা চাকাম'টৰ বিৰুদ্ধে অবতীর্ণ হ'ব। ইয়াৰ পাছত ভাৰতীয় খুটাৰ ইলাভেনিল বালাৰিভান, সোনম মাছকাৰ আৰু বিদৰ্শা বিনোদে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেন্টৰ পদক জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব। ইপিনে, ভাৰতৰ মহিলা হকী দলে আজি গ্রুপ পৰ্যায়ৰ প্ৰথমখন খেলত উজবেকিস্তানৰ বিৰুদ্ধে অবতীর্ণ হোৱাৰ বিপৰীতে পুৰুষ হকী দল প্রতিযোগিতাৰ প্ৰথমখন খেলত ইণ্ডোনেছিয়াৰ মুখামুখি হ'ব।...

June 14, 2026 12:03 PM

views 35

অসম কন্যা ঈষাৰাণী বৰুৱাৰ এচিয়ান গেমছৰ ভাৰতীয় দলত স্থান লাভ

অসমৰ ঈষাৰাণী বৰুৱাই এচিয়ান গেমছৰ বাবে কালি ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভকৰিবলৈ সমৰ্থ হৈছে। প্রতিভাবান খেলুৱৈগৰাকীয়ে ১৯ ছেপ্তেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জাপানত হ'বলগীয়া প্রতিযোগিতাখনত ৰাজ্যৰ একমাত্ৰ খেলুৱৈ হিচাপে স্থান লাভ কৰিছে। দেশৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু আৰু সাত্বিকসাইৰাজ ৰনকীৰেড্ডী আৰু ছিৰাগ চেট্টীৰ যুটীটোৱে প্ৰতিযোগিতাত ভাৰতীয় দলক নেতৃত্ব দিব।

October 22, 2025 1:09 PM

views 193

আজিৰেপৰা ৩১ অক্টোবৰলৈ তৃতীয় এছিয়ান য়ুথ গেমছ

● বাহৰেইনৰ ৰাজধানী মানামাত আজিৰেপৰা ৩১ অক্টোবৰলৈ তৃতীয় এছিয়ান য়ুথ গেমছ অনুষ্ঠিত হ'ব। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে অসমৰ হাই জাম্পাৰ জুবিন গোহাঁই নিৰ্বাচিত হৈ ভাৰতীয় এথলেটিক্‌চ দলত স্থান লাভ কৰিছে। ১৪ৰ পৰা ১৭ বছৰ অনুৰ্ধ খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাত বিশ্বৰ ৪৫ খন দেশৰ দুহেজাৰ খেলুৱৈয়ে ২১ বিধ খেলত ভাগ ল'ব।

September 8, 2024 8:16 PM

views 68

এছিয়া কাপ হকীত  চীনৰ বিৰুদ্ধে ভাৰতৰ ৩-০ ফলাফলত জয়ী

এছিয়া কাপ হকীত আজি ভাৰতে আয়োজক চীনক ৩-০ ফলাফলত পৰাস্ত কৰে। খেলৰ প্ৰথম তিনিটা কোৱাৰ্টাৰৰ প্রতিটোতে সুখজিৎ সিং, উত্তম সিং আৰু অভিষেকে এটাকৈ গ'ল দি উদ্বোধনী খেলখনত ভাৰতৰ জয় নিশ্চিত কৰে। কাইলৈ ভাৰত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। যোৱা মাহত পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰাৰ পাছত ভাৰতে পঞ্চমটো খিতাপ লাভৰ বাবে প্ৰচেষ্টা চলাব।

August 25, 2024 8:37 PM

views 87

ভাৰতীয় চার্ফিং দলৰ  প্ৰথমবাৰৰ বাবে এচিয়ান গেমছ লৈ যোগ্যতা অৰ্জন

ভাৰতীয় চার্ফিং দলে ইতিহাসৰ প্ৰথমবাৰৰ বাবে এচিয়ান গেমছ ২০২৬ লৈ যোগ্যতা অৰ্জন কৰিছে। পুৰুষ আৰু মহিলা উভয় শাখাতে ভাৰতীয় চার্ফাৰসকলে এছিয়াদলৈ যোগ্যতা অৰ্জন কৰিছে। ২০২৪ চনৰ এছিয়ান চার্ফিং চেম্পিয়নশ্বিপত ভাৰতীয় চার্ফাৰসকলে সংগ্ৰহ কৰা ৰেংকিং পইণ্টৰ ভিত্তিত এই যোগ্যতা লাভ কৰিছে। ভাৰতীয় চার্ফিং ফেডাৰেশ্বনৰ সভাপতি অৰুণ ভাসুৱে কৈছে যে, এই ঐতিহাসিক ক্ষণে সকলোকে আনন্দিত কৰিছে।