কুৰি সংখ্যক এছিয়ান গেমছৰ বিভিন্ন শিতানত আজি কেইবাগৰাকী ভাৰতীয় এথলিটে পদক জয়ৰ বাবে অৱতীৰ্ণ হৈছে। ভাৰতৰ টেক বল খেলুৱৈ কুইমছি ডিছ’জাই ব্ৰঞ্জৰ পদকৰ বাবে জাপানৰ য়ুইনা চাকাম’টৰ বিৰুদ্ধে অবতীর্ণ হ’ব।
ইয়াৰ পাছত ভাৰতীয় খুটাৰ ইলাভেনিল বালাৰিভান, সোনম মাছকাৰ আৰু বিদৰ্শা বিনোদে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেন্টৰ পদক জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব।
ইপিনে, ভাৰতৰ মহিলা হকী দলে আজি গ্রুপ পৰ্যায়ৰ প্ৰথমখন খেলত উজবেকিস্তানৰ বিৰুদ্ধে অবতীর্ণ হোৱাৰ বিপৰীতে পুৰুষ হকী দল প্রতিযোগিতাৰ প্ৰথমখন খেলত ইণ্ডোনেছিয়াৰ মুখামুখি হ’ব।
ইপিনে, মহিলা ক্রিকেটৰ ছেমি ফাইনেলত ভাৰত আজি বাংলাদেশৰ বিৰুদ্ধে অবতীর্ণ হৈছে।
প্রতিযোগিতাত কালিৰ উদ্বোধনী অনুষ্ঠানত অলিম্পিকত দুবাৰ পদক বিজয়ী মনো ভাকৰ আৰু কাবাদী খেলুৱৈ পৱন শ্বহৰাৱটে ৫০১ জনীয়া ভাৰতীয় দলৰ নেতৃত্ব বহন কৰে। শ্বহৰাৱটে ভাৰতীয় দলৰ ধবজা বহন কৰে।