October 4, 2026 8:04 PM | Asian Games

printer

ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি

দুসপ্তাহতকৈ অধিক সময়জোৰা ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত আজি জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ সামৰণি পৰে। নাগয়া চহৰৰ পালোমা মিজোহো ষ্টেডিয়ামত সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শনেৰে ২১টা সোণ, ২৭টা ৰূপ আৰু ৩৭টা ব্ৰঞ্জ সহ মুঠ ৮৫টা পদকেৰে প্ৰতিযোগিতাৰ তালিকাত চতুর্থ স্থান দখল কৰিছে। সামৰণি অনুষ্ঠানত শ্বুটাৰ নিৰু ঢাণ্ডাই ভাৰতীয় দলৰ ধবজা বহন কৰে। ২০৩০ চনত হ’বলগীয়া ডোহা এছিয়ান গেমছৰ আয়োজক সমিতিক শিখা আৰু পতাকা হস্তান্তৰ কৰি পৰম্পৰাগত প্ৰক্ৰিয়াৰে সামৰণিৰ আনুষ্ঠানিকতা সম্পন্ন হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।