September 23, 2026 8:01 PM | Asian Games

printer

এছিয়ান গেমছত মহিলাৰ ভাৰোত্তোলনৰ ফাইনেলত মীৰাবাঈ চানুৰ ৰূপৰ পদক জয়ে

ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানুৱে জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত মহিলাৰ ভাৰোত্তোলনৰ ৪৯ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত ৰূপৰ পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। মীৰাবাঈয়ে মুঠ ১৯৮ কিলোগ্রাম ভাৰোত্তোলন কৰে। চানুবে ২০২০ চনৰ টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয় কৰিছিল।

ইপিনে, ভাৰতৰ জয় মীনাই এছিয়ান গেমছৰ পুৰুষৰ শ্বফট টেনিছত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। মীনাই আজি ছেমিফাইনেলত জাপানৰ তাকুয়া কুৰোছাকাৰ হাতত ২-০ ফলাফলত পৰাভূত হয়। অৱশ্যে খেলুৱৈগৰাকীয়ে ছেমিফাইনেলত প্রবেশ কৰাৰ সুবাদত ব্ৰঞ্জৰ পদক লাভ কৰে। মীনাই ইয়াৰ পূৰ্বে ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত ফিলিপাইনছৰ খুৰউইন নিউগ্যিটক ৪-৩ ফলাফলত পৰাস্ত কৰে।

আনহাতে, ভাৰতৰ মহেশ্বৰী সিং, পৰীনাজ ধালিৱাল আৰু ৰাইজা চিল্লাই মহিলাৰ স্কীট শ্বুটিং শিতানৰ দলীয় শাখাত ব্ৰঞ্জৰ পদক অর্জন কৰিছে।