ভাৰতীয় চার্ফিং দলে ইতিহাসৰ প্ৰথমবাৰৰ বাবে এচিয়ান গেমছ ২০২৬ লৈ যোগ্যতা অৰ্জন কৰিছে। পুৰুষ আৰু মহিলা উভয় শাখাতে ভাৰতীয় চার্ফাৰসকলে এছিয়াদলৈ যোগ্যতা অৰ্জন কৰিছে। ২০২৪ চনৰ এছিয়ান চার্ফিং চেম্পিয়নশ্বিপত ভাৰতীয় চার্ফাৰসকলে সংগ্ৰহ কৰা ৰেংকিং পইণ্টৰ ভিত্তিত এই যোগ্যতা লাভ কৰিছে। ভাৰতীয় চার্ফিং ফেডাৰেশ্বনৰ সভাপতি অৰুণ ভাসুৱে কৈছে যে, এই ঐতিহাসিক ক্ষণে সকলোকে আনন্দিত কৰিছে।
Assamese | August 25, 2024 8:37 PM | Asian Games
ভাৰতীয় চার্ফিং দলৰ প্ৰথমবাৰৰ বাবে এচিয়ান গেমছ লৈ যোগ্যতা অৰ্জন