September 24, 2026 8:58 PM | Asain games | Asian Games

printer

এছিয়ান গেমছত ভাৰত মুঠ ১৫ টা পদকেৰে তালিকাৰ ১৪ নম্বৰ স্থানত

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ ভাৰতৰ স্যাম সিং আৰু চলমান খানে পুৰুষৰ নৌচালনাৰ স্কল্‌ছৰ ডালছত ব্ৰঞ্জৰ পদক লাভ কৰিছে। ভাৰতীয় যুটিটোৱে এহেজাৰ ৫০০ মিটাৰলৈকে দ্বিতীয় স্থানত থাকে যদিও শেষৰ ৫০০ মিটাৰত তৃতীয় স্থানলৈ অৱনমিত হয়। ইয়াৰ পূৰ্বে সনাম সিঙে হাংঝৌ এছিয়ান গেমছত পুৰুষৰ কোৱাড্রপল স্কল্‌ছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এছিয়ান গেমছত মিক্স স্কিট দলীয় শাখাত ভাৰতে এইবাৰ প্ৰথমবাৰৰ বাবে পদক লাভ কৰিবলৈ সক্ষম হৈছে।

ভাৰতৰ ৰ’ছিবীনা দেৱীয়ে এছিয়ান গেমছৰ উৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই আজি ফাইনেলত চীনৰ ঝাংগ শ্বিয়াঅ’য়ুৰ হাতত ০-২ ফলাফলত পৰাজিত হয়। খেলুৱৈগৰাকীয়ে এছিয়ান গেমছৰ ইতিহাসত এইবাৰকে ধৰি ৩ টা পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই ইয়াৰ পূৰ্বে ২০২৩ চনত অনুষ্ঠিত হাংঝৌ এছিয়ান গেমছত ৰূপৰ আৰু ২০১৮ চনত অনুষ্ঠিত জাকার্টা-পালেমবাং এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

পাৰবীনে মহিলাৰ ৬৫ কিলোগ্রাম শাখাৰ বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱাৰ্টাৰ ফাইনেলত খেলুৱৈ গৰাকীয়ে বিশ্ব বক্সিং প্রতিযোগিতাৰ ৰূপৰ পদক বিজয়ী উজৱেকিস্থানৰ নভবাখৰ খান্দিভা বিৰুদ্ধে খেলিব। ইপিনে কমলৱেলথ গেমছৰ পদক বিজেতা সাক্ষী চৌধুৰী প্ৰি-কোৱাৰ্টাৰ ফাইনেলত বিশ্ব চেম্পিয়ন আলুৱা বাল্কি বেকভাৰ হাতত পৰাস্ত হয়।

এথলেটিকছত জয় কুমাৰ, অংশাবাবু, মানু টি এছ আৰু ৰচদ্বীপ ক’ৰে পুৰুষৰ মিক্সড দলীয় শাখাৰ 4×400 ৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগতে অনিমেশ ফুজুৰ আৰু গুৰিন্দৰ বীৰ সিঙে ১০০ মিটাৰৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতৰ পুৰুষ আৰু মহিলাৰ কাবাড়ী দলটো ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। স্বোৱাচত অভয় সিং আৰু বীৰ চোটৰানি পুৰুষৰ ছিংগলছত, তনভী খান্না আৰু অনাইট সিং মহিলা ছিংগলছত, জোস্না ছিন্নপ্পা আৰু বেলাবন ছেনথিল কুমাৰে মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে টেবুল টেনিছত মানুষ সাহে পুৰুষৰ ছিংগলছত প্ৰৱেশ কৰাৰ লগতে শ্ৰীজা আকুলা আৰু

ছিনড্রেলা দাসে মহিলাৰ ছিংগলছত স্থান সুনিশ্চিত কৰিছে। প্ৰতিযোগিতাত ভাৰতে এটা সোণ, চাৰিটা ৰূপ আৰু আঠটা ব্ৰঞ্জৰ পদক সহ মুঠ ১৫ টা পদকেৰে তালিকাৰ ১৪ নম্বৰ স্থানত আছে।

ইপিনে, পুৰুষৰ ৰয়িঙৰ ডাবল স্কত স্যাম সিং আৰু ছলমান খানে ব্ৰঞ্জৰ পদক লাভ কৰে। উল্লেখযোগ্য যে এছিয়ান গেমছত পুৰুষৰ ডাবল স্কচ্ শাখাত এইবাৰ ভাৰতে প্ৰথমবাৰৰ বাবে পদক দখল কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খেলুৱৈ দুগৰাকীক তেওঁলোকৰ সফলতাৰ বাবে প্ৰশংসা কৰে।

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে খেলুৱৈ সকলক তেওঁলোকৰ সফলতাৰ বাবে অভিনন্দন জনাইছে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বার্তাত কয়, যে একেৰাহে এছিয়ান গেমছৰ তিনিটা সংস্কৰণত পদক অৰ্জন কৰিব পৰাটো সঁচাকৈ উল্লেখনীয় সাফল্য।

খেলুৱৈসকলৰ ধৈৰ্য, নিষ্ঠা, সংযম আৰু সমন্বয়ৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে এই সাফল্যই তেওঁলোকক অনাগত সময়ত আৰু উন্নত প্ৰদৰ্শন আগবঢ়াবলৈ প্ৰেৰণা যোগাব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।