October 3, 2026 12:17 PM

views 15

এছিয়ান গেমছত ৭৭টা পদেকেৰে তালিকাৰ পঞ্চম স্থানত ভাৰত

জাপানৰ আইচি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত আৰ্চাৰীৰ মহিলাৰ ব্যক্তিগত ৰিকাৰ্ভ শিতানত ভাৰতৰ কুমকুম মোহড়ে সোণৰ পদক জয় কৰিছে। কুমকুমে ফাইনেলত দক্ষিণ কোৰিয়াৰ অহ য়েজিনক পৰাস্ত কৰে। ইয়াৰ লগে লগে প্ৰতিযোগিতাত ভাৰতৰ সোণৰ পদকৰ সংখ্যা ১৭ লৈ বৃদ্ধি পালে। ভাৰতীয় এথলীটসকলে চতুৰ্দশ দিনাও বক্সিং, মল্লযুঁজ আৰু আৰ্চাৰীত নিজৰ দক্ষতা, দৃঢ়তা আৰু ক্ৰীড়াশৈলীৰ সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখে। ইপিনে ভাৰতীয় মহিলা হকী দলে কালি ফাইনেলত চীনক ১-০ গ'লত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। ভাৰতীয় মল্লযুঁজাৰু সুজিৎ কালকালে...

September 30, 2026 11:07 AM

views 14

এছিয়াম গেমছত ভাৰতৰ মহিলা কম্পাউণ্ড আৰ্চাৰী দলৰ সোণৰ পদক অৰ্জন

জাপানত অনুষ্ঠিত এছিয়াম গেমছত আজি ভাৰতৰ মহিলা কম্পাউণ্ড আৰ্চাৰী দলে চীনক ২৩৮-২৩৪ পইণ্টৰ ব্যৱধানত পৰাজিত কৰি সোণৰ পদক অৰ্জন কৰে। জ্যোতি সুৰেখা ভেন্নম, চিকিতা তনিপাৰ্থি আৰু প্ৰথিকা প্ৰদীপক লৈ গঠিত ভাৰতীয় দলটোৱে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াক ২৩৪-২৩৩ পইণ্টৰ ব্যৱধানত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল। ভাৰতে ২০২৩ চনত হাংজৌত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলাৰ কম্পাউণ্ড শাখাতো সোণৰ পদক অৰ্জন কৰিছিল। এছিয়ান গেমছত ইতিমধ্যে পদক নিশ্চিত কৰা লাভলীনা বৰগোহাঁইয়ে আজি বক্সিঙৰ মহিলাৰ ৭৫ কিলোগ্রাম ওজন শাখাৰ ছেম...

September 24, 2026 8:58 PM

views 22

এছিয়ান গেমছত ভাৰত মুঠ ১৫ টা পদকেৰে তালিকাৰ ১৪ নম্বৰ স্থানত

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ ভাৰতৰ স্যাম সিং আৰু চলমান খানে পুৰুষৰ নৌচালনাৰ স্কল্‌ছৰ ডালছত ব্ৰঞ্জৰ পদক লাভ কৰিছে। ভাৰতীয় যুটিটোৱে এহেজাৰ ৫০০ মিটাৰলৈকে দ্বিতীয় স্থানত থাকে যদিও শেষৰ ৫০০ মিটাৰত তৃতীয় স্থানলৈ অৱনমিত হয়। ইয়াৰ পূৰ্বে সনাম সিঙে হাংঝৌ এছিয়ান গেমছত পুৰুষৰ কোৱাড্রপল স্কল্‌ছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এছিয়ান গেমছত মিক্স স্কিট দলীয় শাখাত ভাৰতে এইবাৰ প্ৰথমবাৰৰ বাবে পদক লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ ৰ’ছিবীনা দেৱীয়ে এছিয়ান গেমছৰ উৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শি...

September 23, 2026 11:12 AM

views 23

পদক জয়ৰ লক্ষ্যৰে আজি এছিয়ান গেমছত ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ নিজ নিজ শিতানৰ খেলত অৱতীৰ্ণ হ’ব

 জাপানত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ পদক জয়ৰ লক্ষ্যৰে নিজ নিজ শিতানৰ খেলত অৱতীৰ্ণ হ'ব। অলিম্পিকত দুবাৰ পদক বিজয়ী মনু ভাকৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে যোগ্যতা অৰ্জনৰ ৰাউণ্ডত তৃতীয় স্থান দখল কৰে আৰু ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। অৱশ্যে মনু ভাকৰ সুৰুচি সিং আৰু ঈষা সিং দলীয় শাখাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হয়। ইপিনে, ৰয়িঙত বলৰাজ পাৱাৰে পুৰুষৰ ছিংগছৰ স্কাল্‌ছৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে ৬ মিন...