জাপানত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ পদক জয়ৰ লক্ষ্যৰে নিজ নিজ শিতানৰ খেলত অৱতীৰ্ণ হ’ব। অলিম্পিকত দুবাৰ পদক বিজয়ী মনু ভাকৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে যোগ্যতা অৰ্জনৰ ৰাউণ্ডত তৃতীয় স্থান দখল কৰে আৰু ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। অৱশ্যে মনু ভাকৰ সুৰুচি সিং আৰু ঈষা সিং দলীয় শাখাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হয়। ইপিনে, ৰয়িঙত বলৰাজ পাৱাৰে পুৰুষৰ ছিংগছৰ স্কাল্ছৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে ৬ মিনিট আৰু ৫২ দশমিক ৮ ৪ ছেকেণ্ডেৰে হিট শিতানত তৃতীয় আৰু সামগ্ৰিকভাৱে চতুর্থ স্থান লাভ কৰে। কাইলৈ এই শাখাৰ ফাইনেল অনুষ্ঠিত হ’ব। ভাৰতে পুৰুষৰ ডাৰ্লছৰ স্কাল্ছ শাখাতো ফাইনেল খেলাৰ যোগ্যতা অর্জন কৰিছে। ইপিনে, ছেপাক্টাক্র’ত ভাৰতৰ পুৰুষ ৰেণ্ড দলে ফিলিপাইন্ছক ২-০ ফলাফলত পৰাস্ত কৰে।
২০২০ চনত অনুষ্ঠিত টকিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানুৱে মহিলাৰ ভাৰোত্তোলনৰ ৪৯ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত দেশৰ হকে পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ’ব। ২০২৩ চনত হাংজোত চতুর্থ স্থান লাভ কৰা খেলুৱৈগৰাকীয়ে এছিয়ান গেমছত প্ৰথমটো পদক অৰ্জনৰ বাবে চেষ্টা চলাব।
বেডমিণ্টনৰ ছেমি ফাইনেলত লক্ষ্য সেন আৰু ভাৰতীয় পুৰুষ দল চীনৰ সন্মুখীন হ’ব। ভাৰতীয় পুৰুষ দলটোৱে কোৱাৰ্টাৰ ফাইনেলত জাপানক পৰাভূত কৰি ইতিমধ্যে পদক নিশ্চিত কৰিছে। উদ্ভুত ৰ’ছিবীনা দেৱী মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছেমি ফাইনেলত ইণ্ডোনেছিয়াৰ থানিয়া কুসুমনিংট্যাছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। এই খেলখনত জয়লাভ কৰিব পাৰিলে ৰ’ছিবীনাই এছিয়ান গেমছত একেৰাহে তৃতীয়বাৰৰ বাবে ব্যক্তিগত পদক অৰ্জনৰ কৃতিত্ব লাভ কৰিব।
নৌকা চালনত ভাৰতৰ বলৰাজ পাৱাৰে পুৰুষৰ ছিংগলছত স্কল্ছ শিতানৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ভাৰতীয় মহিলা হকী দল আজি পুল বিৰ নিজৰ তৃতীয়খন খেলত থাইলেণ্ডৰ সন্মুখীন হ’ব। খেলখন দিনৰ চাৰে ১১ বজাত আৰম্ভ হ’ব। ইয়াৰ উপৰি ভাৰতীয় পুৰুষ আৰু মহিলা কাবাড়ী দলেও আজি গ্ৰুপ পৰ্যায়ৰ অভিযান অব্যাহত ৰাখিব।
ভাৰতে প্ৰতিযোগিতাত বৰ্তমানলৈকে এটা সোণ, চাৰিটা ৰূপ আৰু দুটা ব্ৰঞ্জসহ মুঠ ৭টা পদক লাভ কৰিছে।