জাপানত অনুষ্ঠিত এছিয়াম গেমছত আজি ভাৰতৰ মহিলা কম্পাউণ্ড আৰ্চাৰী দলে চীনক ২৩৮-২৩৪ পইণ্টৰ ব্যৱধানত পৰাজিত কৰি সোণৰ পদক অৰ্জন কৰে। জ্যোতি সুৰেখা ভেন্নম, চিকিতা তনিপাৰ্থি আৰু প্ৰথিকা প্ৰদীপক লৈ গঠিত ভাৰতীয় দলটোৱে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াক ২৩৪-২৩৩ পইণ্টৰ ব্যৱধানত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল। ভাৰতে ২০২৩ চনত হাংজৌত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলাৰ কম্পাউণ্ড শাখাতো সোণৰ পদক অৰ্জন কৰিছিল।
এছিয়ান গেমছত ইতিমধ্যে পদক নিশ্চিত কৰা লাভলীনা বৰগোহাঁইয়ে আজি বক্সিঙৰ মহিলাৰ ৭৫ কিলোগ্রাম ওজন শাখাৰ ছেমি ফাইনেলত কাজাখস্তানৰ নাটালিয়া ব’গড’নভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন পুৱা ১০ বাজি ৪৫ মিনিটত আৰম্ভ হ’ব।
ভাৰত সম্প্ৰতি ৭টা সোণ, ২১টা ৰূপ আৰু ২৫টা ব্ৰঞ্জসহ মুঠ ৫৩টা পদকেৰে তালিকাৰ নৱম স্থানলৈ উন্নীত হৈছে।