October 3, 2026 12:17 PM | Asain games

printer

এছিয়ান গেমছত ৭৭টা পদেকেৰে তালিকাৰ পঞ্চম স্থানত ভাৰত

জাপানৰ আইচি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত আৰ্চাৰীৰ মহিলাৰ ব্যক্তিগত ৰিকাৰ্ভ শিতানত ভাৰতৰ কুমকুম মোহড়ে সোণৰ পদক জয় কৰিছে। কুমকুমে ফাইনেলত দক্ষিণ কোৰিয়াৰ অহ য়েজিনক পৰাস্ত কৰে। ইয়াৰ লগে লগে প্ৰতিযোগিতাত ভাৰতৰ সোণৰ পদকৰ সংখ্যা ১৭ লৈ বৃদ্ধি পালে।

ভাৰতীয় এথলীটসকলে চতুৰ্দশ দিনাও বক্সিং, মল্লযুঁজ আৰু আৰ্চাৰীত নিজৰ দক্ষতা, দৃঢ়তা আৰু ক্ৰীড়াশৈলীৰ সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখে।

ইপিনে ভাৰতীয় মহিলা হকী দলে কালি ফাইনেলত চীনক ১-০ গ’লত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। ভাৰতীয় মল্লযুঁজাৰু সুজিৎ কালকালে পুৰুষৰ ৬৫ কিলোগ্রাম ফ্রী ষ্টাইল ইভেন্টত স্বর্ণ জয় কৰে।

বক্সিঙত পাৰবীন হুদাই মহিলাৰ ৬৫ কিলোগ্রাম শাখাত সোণৰ পদক লাভ কৰাৰ বিপৰীতে অংকুশ পাংঘালে পুৰুষৰ ৮০ কিলোগ্রাম শাখাত দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই সোণৰ পদক লাভ কৰে।

ইয়াৰ পূৰ্বে লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে।

একেদৰে, ভাৰতৰ মহিলা আৰ্চাৰী দলে কালি ৰিকাৰ্ভ শাখাৰ দলীয় শিতানত সোণৰ পদক লাভ কৰে। এছিয়ান গেমছৰ ইতিহাসত মহিলাৰ ৰিকাৰ্ভ শাখাৰ দলীয় শিতানত এয়া ভাৰতৰ প্ৰথমটো স্বর্ণপদক।

ভাৰত এছিয়ান গেমছত বৰ্তমানলৈকে ১৭টা সোণ, ২৫টা ৰূপ আৰু ৩৫টা ব্ৰঞ্জসহ মুঠ ৭৭টা পদেকেৰে তালিকাৰ পঞ্চম স্থানত আছে।