খেল

July 20, 2026 10:16 AM

views 29

আর্জেণ্টিনাক ১–০ গ’লত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ খিতাপ জয়

স্পেইনে যোৱাবাৰৰ বিজয়ী আর্জেণ্টিনাক ১–০ গ’লত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ খিতাপ জয় কৰিছে। নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত যোৱানিশা অনুষ্ঠিত ফাইনেলত স্পেইনৰ ছাবষ্টিটিউট ফোন ট’ৰেছে খেলখনৰ অতিৰিক্ত সময়ত বিজয়সূচক গ’ল দিয়ে।  দুয়োটা দলৰ তুমুল প্রতিদ্বন্দ্বিতাৰ অন্তত ৯০ মিনিটলৈ গ’লশূন...

July 19, 2026 8:47 PM

views 16

জাপান অপেন ২০২৬ৰ মহিলাৰ একক শাখাত খিতাপ অৰ্জন কৰা পিভি সিন্ধুক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অভিনন্দন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জাপান আপেন ২০২৬ৰ মহিলাৰ একক শাখাত খিতাপ অৰ্জন কৰাৰ বাবে পিভি সিন্ধুক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত তেওঁ এয়া ভাৰতীয় বেডমিণ্টন জগতত এটা ঐতিহাসিক মুহূর্ত বুলি আখ্যা দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্রতিযোগিতাখনত খেলুৱৈগৰাকীয়ে নিষ্ঠা আৰু অত...

July 19, 2026 12:14 PM

views 28

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত আর্জেণ্টিনা স্পেইনৰ সন্মুখীন

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত আজি নিশা আর্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। নিউয়ৰ্কৰ নিউজার্ছিত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২-৩০ বজাত আৰম্ভ হ'ব। ইংলেণ্ডে যোৱানিশা মিয়ামি স্টেডিয়ামত অনুষ্ঠিত এখন ৰোমান্সকৰ খেলত ফ্রান্সক ৬-৪ গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্রতিযোগিতাত ব্ৰঞ্জৰ পদক...

July 19, 2026 12:10 PM

views 38

৩০ সংখ্যক বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুভংকৰ আৰু শীর্ষ সংগীত মুকলি

অহা ১৭ আগষ্টৰ পৰা নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত হ'বলগীয়া ৩০ সংখ্যক বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ শুভংকৰ আৰু শীর্ষ সংগীত কালি কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়া আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুকলি কৰে। ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতিৰ দায়িত্বত থকা মুখ্যমন্ত...

July 18, 2026 8:06 PM

views 24

জাপান অ’পেন বেডমিণ্টন প্রতিযোগিতাত পি ভি সিন্ধুৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ

ট’কিঅ’ত অনুষ্ঠিত জাপান অ’পেন বেডমিণ্টন প্রতিযোগিতাত পি ভি সিন্ধুৱে মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ হবলগীয়া ফাইনেলত সিন্ধুৱে জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে খেলিব। অলিম্পিকত দেশৰ হকে দুটাকৈ পদক জয় কৰা খেলুৱৈগৰাকীয়ে আজি পুৱা অনুষ্ঠিত ছেমি ফাইনেলৰ প্ৰথম গেমত বিশ্বৰ চাৰি নম্বৰ স্থানৰ খেলু...

July 18, 2026 7:18 PM

views 28

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি ফ্রান্স ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

ফ্রান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা আঢ়ৈ বজাত আৰম্ভ হ'ব। বিশ্বকাপত ১৯৩৪ চনৰ পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। কেৱল ১৯৫০ চনৰ প্ৰতিযোগিতাৰ এই খেল অনুষ্ঠিত কৰ...

July 18, 2026 9:32 AM

views 40

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি ইংলেণ্ড-ফ্ৰান্স

ফ্রান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা আঢ়ৈ বজাত আৰম্ভ হ'ব। বিশ্বকাপত ১৯৩৪ চনৰ পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। অকল ১৯৫০ চনৰ প্ৰতিযোগিতাৰ এই খেল অনুষ্ঠিত কৰা...

July 17, 2026 12:55 PM

views 25

অসমৰ ৰূপম গগৈ আৰু সেনাবাহিনীৰ সুদীপ সাহাৰ দ্বাদশ এছিয়ান এজ্‌ গ্রুপ একুৱেটিক্স চেম্পিয়নশ্বিপৰ চিংক্রোনাইজড ডাইভিং শাখাত স্বর্ণপদক

অসমৰ ৰূপম গগৈ আৰু সেনাবাহিনীৰ সুদীপ সাহাই কালি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত দ্বাদশ এছিয়ান এজ্‌ গ্রুপ একুৱেটিক্স চেম্পিয়নশ্বিপৰ চিংক্রোনাইজড ডাইভিং শাখাত স্বর্ণপদক অৰ্জন কৰিছে। এই শিতানত ভিয়েটনামে ৰূপৰ আৰু উজবেকিস্তানে ব্ৰঞ্জৰ পদক লাভ কৰে৷

July 17, 2026 12:26 PM

views 28

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক ৪ উইকেটত পৰাস্ত কৰি ১-১ ফলাফলেৰে শৃংখলাত ইংলেণ্ডৰ সমতা স্থাপন

ইংলেণ্ডে যোৱানিশা কার্ডিফৰ ছোফিয়া গার্ডেনছত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক ৪ উইকেটত পৰাস্ত কৰি ১-১ ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ভাৰতে ৪৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৩৩ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰে ...

July 16, 2026 12:18 PM

views 41

ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ’ব

ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন কার্ডিফৰ ছফিয়া গার্ডেনত ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৫ বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে মঙলবাৰে বার্মিংহামৰ এজ্জবাষ্টনত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ঘৰুৱা দলটোক ৬ উইকেটত প...