জাপানৰ আইচি নাগ’য়াত কাইলৈ হবলগীয়া এছিয়ান গেমছ ২০২৬ৰ শুভাৰম্ভণি অনুষ্ঠানত দুবাৰকৈ অলিম্পিক পদক বিজেতা মনু ভাকেৰ আৰু শ্বটপুতাৰ তেজিন্দৰ পাল সিং টুৰে দেশৰ ধবজা বহন কৰিব। কাইলৈ আনুষ্ঠানিকভাৱে আৰম্ভ হ’বলগীয়া এছিয়ান গেমচৰ বিংশ সংস্কৰণত এইবাৰ দেশৰ হৈ ৫০০ ৰো অধিক এথলীটে ৩৭ বিধ খেলৰ শিতানত অংশগ্রহণ কৰিব।
আঘাতৰ বাবে জেভেলীন থ্রোৰ প্ৰতিযোগিতাৰ পৰা নিৰজ চোপ্ৰাই নাম প্রত্যাহাৰ কৰিবলগীয়া হোৱাৰ পাছত ভাৰতীয় দলত পাচোগৰাকীকৈ অলিম্পিক পদক বিজেতা খেলুৱৈ আছে। পি ভি সিন্ধুৱে বেডমিণ্টন, মীৰাবাই চানুৱে ভাৰোত্তোলন, মনু ভাকেৰে খুটিং, লাভলীনা বৰগোহাইয়ে বক্সিং, আৰু আমন চেহৰাৰটে মঞ্জুযুজত ভাৰতক প্রতিনিধিত্ব কৰিব।
ইপিনে, জাপানৰ নিশ্বিনত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা ক্রিকেটত ভাৰতে চেমিফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি কোৱাৰ্টাৰ ফাইনেলত জাপানক ৮ উইকেটত পৰাস্ত কৰে। ভাৰতে ৫৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মাত্র পাঁচ অভাৰত দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়।
ভাৰতৰ হৈ শেফালি বাৰ্মাই ৪০ ৰান আৰু ৰিচা ঘোষে ১২ ৰাণ কৰি অপৰাজিত হৈ ৰয়। ইয়াৰ পূৰ্বে জাপানে প্রথমে বেট ধৰি ১৯ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ৫৭ ৰাণহে কৰিবলৈ সমর্থ হয়। ভাৰতৰ শ্ৰী চৰণীয়ে চাৰিটা আৰু ছেফালি বার্মাই দুটা উইকেট দখল কৰে। অহা দেওবাৰে ভাৰতীয় দলটো বাংলাদেশৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব।