September 16, 2026 12:11 PM | Cricket

printer

অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত টী-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়

নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টী-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি নিশা ভাৰতে আফগানিস্তানক ৭ উইকেটত পৰাস্ত কৰি তিনিখন খেলৰ শৃংখলাত অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰিছে। ১৬০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ১৪ অভাৰ ৫টা বলত ৩টা উইকেট হেৰুৱাই ১৬৩ ৰান সংগ্ৰহ কৰে। সঞ্জ চেমছনে ২২টা বলত সৰ্বাধিক ৫৭ ৰান কৰে আৰু অভিষেক শর্মাই ১৯টা বলত ৩৯ ৰানৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে বেট ধৰি আফগানিস্তানে নির্দিষ্ট ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৫৯ ৰান সংগ্ৰহ কৰিছিল। দলটোৰ অধিনায়ক ইব্রাহিম জাদ্ৰানে সৰ্বাধিক স্ক’ৰাৰ হিচাপে ৩৩টা বলত ৩৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ নীতিশ কুমাৰ ৰেড্ডীয়ে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে অশ্বদীপ সিঙে দুটা উইকেট দখল কৰে । ৰেড্ডীক খেলখনৰ প্লেয়াৰ অৱ দা মেচ হিচাপে নিৰ্বাচিত কৰা হয়। কাইলৈ দিল্লীৰ একেখন ষ্টেডিয়ামতে শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ’ব।