September 15, 2026 12:38 PM | Cricket

printer

অৰুণ জেটলী ষ্টেডিয়ামত আজি ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল অনুষ্ঠিত

ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি-২০ ক্রিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ’ব। দেওবাৰে অনুষ্ঠিত ৩ খনীয়া শৃংখলাটোৰ প্ৰথমখন খেলত ভাৰতে ৭ উইকেটত জয়লাভ কৰি ১-০ৰ অগ্ৰগতি লাভ কৰিছে। আফগানিস্তানে বান্ধি দিয়া ১৫৭ ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে অভিষেক শৰ্মাৰ ৩২ টা বলত ৮২ ৰান আৰু ইশান কিষাণৰ ৪২ ৰানৰ সহায়ত ১৩ অভাৰ ৪ টা বলতে ৩ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। শৃংখলাটোৰ তৃতীয়খন খেল পৰহিলৈ একেখন ষ্টেডিয়ামতে অনুষ্ঠিত হ’ব। ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।