এছিয়ান গেমছত উশ্বৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শিতানত ভাৰতৰ ৰ’ছিবীনা দেৱীৰ ৰূপৰ পদক অৰ্জন

ভাৰতৰ ৰ’ছিবীনা দেৱীয়ে জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত উশ্বৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই আজি ফাইনেলত চীনৰ ঝাংগ শ্বিয়াঅ’য়ুৰ হাতত ০-২ ফলাফলত পৰাভূত হয়।

খেলুৱৈগৰাকীয়ে এছিয়ান গেমছৰ ইতিহাসত এইবাৰকে ধৰি ৩ টা পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই ইয়াৰ পূৰ্বে ২০২৩ চনত অনুষ্ঠিত হাংঝৌ এছিয়ান গেমছত ৰূপৰ আৰু ২০১৮ চনত অনুষ্ঠিত জাকাৰ্টা-পালেমবাং এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

ইপিনে, ভাৰতৰ সৎনাম সিং আৰু চলমান খানে পুৰুষৰ নৌচালনাৰ স্কল্‌ছৰ ডাব্‌লছত ব্ৰঞ্জৰ পদক লাভ কৰিছে। ভাৰতীয় যুটিটোৱে এহেজাৰ ৫০০ মিটাৰলৈকে দ্বিতীয় স্থানত থাকে যদিও শেষৰ ৫০০ মিটাৰত তৃতীয় স্থানলৈ অৱনমিত হয়। ইয়াৰ পূৰ্বে সনাম সিঙে হাংঝৌ এছিয়ান গেমছত পুৰুষৰ কোৱাড্ৰপল স্কল্‌ছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

প্রতিযোগিতাত আজি কেইবাগৰাকীও ভাৰতীয় খেলুৱৈ ভিন ভিন শিতানত পদক লাভৰ বাবে চেষ্টা চলাব। এথলেটিক্‌ত আশা ইলাংগো আৰু নীহাৰিকা বশিষ্ঠ মহিলাৰ ত্ৰিপ’ল জাম্পৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ বিপৰীতে সীমা মহিলাৰ ১০ হাজাৰ মিটাৰ দৌৰৰ ফাইনেলত দেশৰ হকে গৌৰৱ অৰ্জনৰ চেষ্টা চলাব। একেদৰে অনিমেষ কুজুৰ আৰু গুৰিন্দ্ৰবীৰ সিঙে আজি পুৰুষৰ ১০০ মিটাৰ দৌৰত অভিযান আৰম্ভ কৰিব ৷

পুৱা ৯ বাজি ৪৫ মিনিটত হ’বলগীয়া পুৰুষৰ কাবাডীৰ গ্ৰুপ-এৰ এখন খেলত ভাৰত চীনা টাইপেইৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। স্কোৱাছত পুৱা ১০.৩০ বজাত হ’বলগীয়া মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত তনভী খান্না আৰু অনাহট সিঙে দেশৰ হকে প্রতিদ্বন্দ্বিতা আগবঢ়াব।

দিনৰ ১১ বাজি ১৫ মিনিটত অভয় সিং আৰু বীৰ চোট্ৰাণী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। ভাৰতৰ পুৰুষ হকী দলটো দিনৰ চাৰে ১১ বজাত হ’বলগীয়া পুল-এৰ এখন খেলত দক্ষিণ কোৰিয়াৰ সন্মুখীন হ’ব। একেদৰে বিয়লিৰ ভাগলৈ হ’বলগীয়া সাঁতোৰৰ পুৰুষৰ ৫০ মিটাৰ বাটাৰফ্লাই শিতানত বেনেডিক্টন বেনিষ্টন প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব।