এছিয়ান গেমছৰ কাবাড়ীত ভাৰতীয় পুৰুষ দলটোৱে গ্ৰুপ-এৰ চূড়ান্ত খেলত চীনক ৩৭-২১ ফলাফলত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।
গ্রুপ পৰ্যায়ত এইবাৰৰ সৈতে ভাৰতে চতুৰ্থ বাৰলৈ জয়লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে দক্ষিণ কোৰিয়া, জাপান আৰু বাংলাদেশক পৰাজিত কৰিছিল।
১৯৯০ চনৰে পৰা কাবাডীত এছিয়ান গেমছত অন্তৰ্ভুক্ত হৈছে আৰু ভাৰতীয় পুৰুষ দলটোৱে ৮টা সোণৰ পদকসহ মুঠ ৯টা পদক লাভ কৰিছে।
আনহাতে, ভাৰতীয় মহিলা দলটোৱে জয়ৰ ধাৰা অব্যাহত ৰাখি ইৰানক ৩৭-২৩ ৰ ফলাফলত পৰাজিত কৰে। মহিলা দলটোৱে ইয়াৰ পাছত জাপানৰ সৈতে মুখামুখি হ’ব।