জাপানৰ আইচি নাগ’য়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ আজি দুটা ৰূপৰ পদক দখল

জাপানৰ আইচি নাগ’য়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে আজি দুটা ৰূপৰ পদক দখল কৰে। পুৰুষৰ একক শাখাৰ স্কোৱাচত অভয় সিঙে আজি ৰূপৰ পদক লাভ কৰে। ফাইনেলত অভয় সিং মালয়েছিয়াৰ ইয়ান ইয়’ এন-জিৰ হাতত ৯-১১, ৫-১১, ৫-১১ ফলাফলত পৰাজিত হয়। আনহাতে, মহিলাৰ একক শাখাৰ স্কোৱাচতো অনাহত সিঙে আনটো ৰূপৰ পদক লাভ কৰে।

ফাইনেলত মালয়েছিয়াৰ শিৱছংগ্ৰী সুব্রমণিয়ামৰ হাতত ৪-১১, ৪-১১, ৭-১১ ফলাফলত অনাহত সিং পৰাস্ত হয়। ভাৰতৰ হৰিতা ভদ্রাই ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰে। এছিয়ান গেমছত ভাৰতে এতিয়ালৈকে চাৰিটা সোণ, ১৪টা ৰূপ আৰু ১৫ টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ৩৩টা পদক লাভ কৰি পদকৰ তালিকাৰ একাদশ স্থানত আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।