আঞ্চলিক সংবাদ

July 5, 2026 7:03 PM

views 12

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ হ’ব

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হ'ব। ২১ দিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন চলিব। এই অধিৱেশনত বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই ১০ জুলাইত ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূর্ণাংগ বাজেট উত্থাপন কৰিব। অধিৱেশনৰ সময়ছোৱাত মুঠ ১৬ খন বৈঠক হ'ব। অহা ৩১ জুলাইত বাজ...

July 5, 2026 7:00 PM

views 17

কৃষি মন্ত্রী পীযূষ হাজৰিকাৰ গুৱাহাটীৰ উদ্যান শস্য গবেষণা কেন্দ্রত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ বিতৰণ

ৰাজ্যৰ কৃষি বিভাগে সমগ্র ৰাজ্যতে ১ কোটি উচ্চ উৎপাদনক্ষম উদ্যানশস্যৰ পুলি বিতৰণৰ অভিলাসী লক্ষ্য স্থিৰ কৰিছে। কৃষিমন্ত্রী পিযুষ হাজৰিকাই আজি গুৱাহাটীৰ কাহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গবেষণা কেন্দ্রত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ তথা ৰোপণ সামগ্ৰী বিতৰণকৰি এই বিষয়ে উল্লেখ কৰে। কাৰ্যসূচ...

July 5, 2026 11:38 AM

views 10

ধুবুৰী জিলাৰ ভাৰত-বাংলাংদেশ সীমান্তৰ গংগাধৰ নৈত এজন যুৱক সন্ধানহীন

ধুবুৰী জিলাৰ ভাৰত-বাংলাংদেশ সীমান্তৰ তিস্তাৰপাৰ-বালাডোবা অঞ্চলেৰে বৈ যোৱা গংগাধৰ নৈত গা ধুবলৈ গৈ কালি এজন যুৱক সন্ধানহীন হয়। ডুগিৰপাৰ গাঁৱৰ জাহিদুৰ ইছলাম নামৰ যুৱকজনৰ সন্ধানত বি এছ এফ আৰু এছ ডি আৰ এফে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে যুৱকজনৰ কোনো সন্ধান পোৱা হোৱা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে।

July 5, 2026 11:35 AM

views 13

নগাঁও জিলা ভিত্তিক আন্তঃ বিদ্যালয় ফুটবল প্রতিযোগিতা মন্ত্রী পীযুষ হাজৰিকাই আনুষ্ঠানিকভাবে উদ্বোধন কৰে

নগাঁও জিলা ভিত্তিক আন্তঃ বিদ্যালয় ফুটবল প্রতিযোগিতা কালিৰে পৰা নগাঁও চহৰৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্রী পীযুষ হাজৰিকাই এই প্রতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে। এই প্রতিযোগিতাত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ২৪টা দলে অংশগ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষ...

July 5, 2026 11:14 AM

views 16

নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ৰ মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ পৰা ৩৫ খন ট্রেক্টৰ আৰু ৬খন আন বাহন বিতৰণ

নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ই কালি চুম'কেডিমাত অনুষ্ঠিত কৃষি প্রদর্শনীত মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ পৰা ৩৫ খন ট্রেক্টৰ আৰু ৬ খন কৃষি কার্যত ব্যৱহৃত আন বাহন বিতৰণ কৰে। নাগালেণ্ডৰ মুঠ জনসংখ্যাৰ ৭০ শতাংশ লোকেই কৃষিকার্যত জড়িত বুলি উল্লেখ কৰি শ্ৰী ৰিঅ’ই কয়, যে কৃষিয়েই হৈছে ৰাজ্যখনৰ অৰ্থনীতিৰ ৰাজহাড়...

July 5, 2026 10:37 AM

views 23

ৰাজ্যৰ ৩৫ খন জিলাৰ পৰীক্ষাকেন্দ্ৰত APSCৰ অধীনত প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছে

ৰাজ্যৰ ৩৫ খন জিলাৰ পৰীক্ষাকেন্দ্ৰত আজি অসম লোকসেৱা আয়োগৰ অধীনত সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছে। এইবাৰ ৪১,৬৯৫ গৰাকী পৰীক্ষাৰ্থী প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। অসম লোকসেৱা আয়োগে ৭৮টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰিছে। ইয়াৰ ভিতৰত অসামৰিক সেৱাৰ বাবে ৪৫টা, অসম আৰক্ষী সেৱাৰ বা...

July 5, 2026 10:32 AM

views 19

মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত প্ৰথমবাৰৰ বাবে ড্রাম ছিদাৰৰ জৰিয়তে বীজ সিঁচা হয়

মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত জেংৰাই কৃষি চক্ৰৰ অন্তৰ্গত মুদৈবিল গাঁৱৰ এগৰাকী কৃষকৰ পথাৰত আজি প্ৰথমবাৰৰ বাবে ড্রাম ছিদাৰ নামৰ এবিধ কৃষি সঁজুলিৰে কঠিয়া সিঁচা হয়। কৃষি উন্নয়ন বিষয়া ৰাজা ফুকনে ড্রাম ছিদাৰৰ জৰিয়তে কিদৰে বীজ সিচিব পাৰি সেই বিষয়ে কৃষকসকলক অৱগত কৰে।  বিষয়াগৰাকীয়ে জনোৱা মতে ড্রাম ছিদাৰ হৈ...

July 5, 2026 11:23 AM

views 23

অসমৰ অংকিতা কোঁৱৰৰ ১৩ ঘণ্টা ৫ মিনিটত ইংলিছ চেনেল সাঁতুৰি উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা

অসমৰ অংকিতা কোঁৱৰে কালি ১৩ ঘণ্টা ৫ মিনিটত ইংলিছ চেনেল সফলতাৰে সাঁতুৰি ৰাজ্য তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰে। ইংলেণ্ডৰ ডভাৰ পৰা দিনৰ ডেৰ বজাত যাত্ৰা আৰম্ভ কৰি ইংলিছ চেনেল অতিক্ৰম কৰি ইংলেণ্ডৰ সময়মতে যোৱানিশা ২-৩৫ বজাত ফ্ৰান্সৰ কেলিছ'ত উপস্থিত হয়। ইয়াৰ পাছতে অংকিতা কোঁৱৰক ই...

July 5, 2026 10:14 AM

views 16

অসমৰ ১৬ খন জিলাত প্ৰচণ্ড গৰমৰ সতর্কবাণী

গুৱাহাটী বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ ১৬ খন জিলাত প্ৰচণ্ড গৰমৰ সতর্কবাণী জাৰী কৰিছে। ইয়াৰ ভিতৰত কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, কামৰূপ, কামৰূপ মহানগৰ, দৰং, হোজাই, লখিমপুৰ, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ধেমাজি জিলা আছে। বতৰ বিজ্ঞান কেন্দ্রই এই জিলা কেইখনত ...

July 5, 2026 10:10 AM

views 25

অসমত চলিত বৰ্ষৰ জুনত জি এছ টি সংগ্ৰহ ১৫ শতাংশ বৃদ্ধি

অসমত ২০২৫ বৰ্ষৰ জুনৰ তুলনাত চলিত বৰ্ষৰ জুনত সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ জি এছ টি সংগ্ৰহ ১৫ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় জি এছ টি গড়ে ৯ শতাংশ বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ সৈতে কালি খানাপাৰাৰ জ্যোতি-বিষ্ণু প্রেক্ষাগৃহত অনুষ্ঠিত জি এছ টি সম্পর্কীয়...