July 5, 2026 10:14 AM | Northeast Heatwave

printer

অসমৰ ১৬ খন জিলাত প্ৰচণ্ড গৰমৰ সতর্কবাণী

গুৱাহাটী বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ ১৬ খন জিলাত প্ৰচণ্ড গৰমৰ সতর্কবাণী জাৰী কৰিছে। ইয়াৰ ভিতৰত কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, কামৰূপ, কামৰূপ মহানগৰ, দৰং, হোজাই, লখিমপুৰ, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ধেমাজি জিলা আছে। বতৰ বিজ্ঞান কেন্দ্রই এই জিলা কেইখনত বতৰ উষ্ণ আৰু আৰ্দ্ৰ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলে প্রকাশ কৰা মতে, অসমৰ বায়ুত জলীয় বাষ্পৰ পৰিমাণ অধিক হোৱাৰ বাবে তাপমাত্রা ৩৬ ডিগ্রী ছেলছিয়াছ হ’লেও ৪৫ৰ পৰা ৫০ ডিগ্রী ছেলছিয়াছৰ লেখীয়া অনুভূত হয়। এনে পৰিস্থিতিত হিটস্ট্রোক হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৬ জুলাইৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উপৰি মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ভুটান আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল, বৰাক উপত্যকাৰ ঠাই বিশেষে বিজুলী ঢেৰেকনীৰে ধাৰাষাৰ বৰষুণ হ’ব পাৰে বুলি আগজাননী দিছে।

ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গৰমৰ বাবে ৰাজ্যবাসীক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্রী ড০ শর্মাই কালি সামাজিক মাধ্যম যোগে সকলোকে অতি মাত্ৰা গৰমৰ বাবে সতর্ক হৈ থাকিবলৈ আৰু প্ৰয়োজনত চিকিৎসা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে সকলোকে নিয়মীয়াভাবে পর্যাপ্ত পৰিমাণে পানী খোৱাত গুৰুত্ব দিবলৈ কয়।

কৰ্মৰ তাগিদাত বা একান্ত প্রয়োজনীয়তাত ৰ’দত বাহিৰলৈ ওলাই যাবলগীয়া হ’লে সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে। অত্যাধিক গৰমৰ বাবে অসুস্থতা অনুভৱ কৰিলে ততাতৈয়াকৈ নিকটবর্তী চিকিৎসালয়লৈ গৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈও তেওঁ সকলোকে আহ্বান জনায়।