July 5, 2026 10:37 AM | APSC Exam

printer

ৰাজ্যৰ ৩৫ খন জিলাৰ পৰীক্ষাকেন্দ্ৰত APSCৰ অধীনত প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছে

ৰাজ্যৰ ৩৫ খন জিলাৰ পৰীক্ষাকেন্দ্ৰত আজি অসম লোকসেৱা আয়োগৰ অধীনত সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছে। এইবাৰ ৪১,৬৯৫ গৰাকী পৰীক্ষাৰ্থী প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। অসম লোকসেৱা আয়োগে ৭৮টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰিছে।

ইয়াৰ ভিতৰত অসামৰিক সেৱাৰ বাবে ৪৫টা, অসম আৰক্ষী সেৱাৰ বাবে ৬টা, জিলা পৰিবহণ বিষয়াৰ বাবে এটা, আৱকাৰী অধীক্ষকৰ বাবে এটা, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ বাবে এটা, অসম নগৰীয়া প্ৰশাসনিক সেৱাৰ বাবে এটা, শ্ৰম পৰিদৰ্শকৰ বাবে পাঁচটা, আবকাৰী পৰিদৰ্শকৰ বাবে এটা, সহকাৰী নিয়োগ বিষয়াৰ বাবে এটা, উপ-পঞ্জীয়কৰ বাবে এটা আৰু গৱেষণা সহায়কৰ বাবে এটা পদ নির্ধাৰণ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ ১৫ টা কেন্দ্ৰত ১৩,৫২২ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে।