July 5, 2026 11:14 AM | Nagaland CM

printer

নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ৰ মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ পৰা ৩৫ খন ট্রেক্টৰ আৰু ৬খন আন বাহন বিতৰণ

নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ই কালি চুম’কেডিমাত অনুষ্ঠিত কৃষি প্রদর্শনীত মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ পৰা ৩৫ খন ট্রেক্টৰ আৰু ৬ খন কৃষি কার্যত ব্যৱহৃত আন বাহন বিতৰণ কৰে। নাগালেণ্ডৰ মুঠ জনসংখ্যাৰ ৭০ শতাংশ লোকেই কৃষিকার্যত জড়িত বুলি উল্লেখ কৰি শ্ৰী ৰিঅ’ই কয়, যে কৃষিয়েই হৈছে ৰাজ্যখনৰ অৰ্থনীতিৰ ৰাজহাড় স্বৰূপ। ৰাজ্যখনৰ ভূমি অতি সাৰুৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কৃষকসকলক খেতি পথাৰত আধুনিক কৃষি কার্য ব্যৱহাৰ কৰি উৎপাদন আৰু জীৱিকা বৃদ্ধি কৰিবলৈ আহ্বান জনায়।

২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বিষয়ে উল্লেখ কৰি শ্ৰীৰিঅই কয়, যে চৰকাৰে বিভিন্ন আঁচনি গ্রহণ কৰি বিকাশ ত্বৰান্বিত কৰাৰ লগতে উদ্যমী আৰু ব্যৱসায়ীসকলকো সহায় কৰাৰ উদ্দেশ্যে ভালেমান ব্যৱস্থা গ্রহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ সামগ্রিক বিকাশৰ বাবে প্ৰতিগৰাকী লোকৰ সমৃদ্ধিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।