অসমত চলিত বৰ্ষৰ জুনত জি এছ টি সংগ্ৰহ ১৫ শতাংশ বৃদ্ধি

অসমত ২০২৫ বৰ্ষৰ জুনৰ তুলনাত চলিত বৰ্ষৰ জুনত সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ জি এছ টি সংগ্ৰহ ১৫ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় জি এছ টি গড়ে ৯ শতাংশ বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলৰ সৈতে কালি খানাপাৰাৰ জ্যোতি-বিষ্ণু প্রেক্ষাগৃহত অনুষ্ঠিত জি এছ টি সম্পর্কীয় বৈঠকত অংশগ্ৰহণৰ পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাই এইদৰে কয়।

তেওঁ কয়, যে জি এছ টি বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম হিচাপে অসম পৰিগণিত হৈছে। এইক্ষেত্ৰত কৰ ফাকি ৰোধ, ডিজিটেল কৰ ব্যৱস্থা সুদৃঢ় কৰা আৰু কৰৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে সুপৰিকল্পিত পদক্ষেপসমূহে সহায় কৰিছে।

উল্লেখযোগ্য যে, ২০২৫ চনৰ জুনত অসমত ১২৫৫ কোটি টকাৰ জি এছ টি সংগ্ৰহৰ বিপৰীতে চলিত বৰ্ষৰ জুনত ১৪৩৭ কোটি টকাৰ জি এছ টি সংগ্ৰহ কৰা হয়। জি এছ টি সংগ্ৰহৰ ক্ষেত্ৰত থকা বিভিন্ন সমস্যাসমূহ পর্যালোচনাৰ বাবে অনুষ্ঠিত বৈঠকত কৰ ফাঁকি ৰোধৰ বাবে জি এছ টি সম্পর্কীয় নিয়ম পালনৰ সৈতে জড়িত বিষয় তথা এটা শক্তিশালী অর্থনীতি আৰু সমৃদ্ধ অসম গঢ়াৰ বাবে স্বচ্ছ কৰ ব্যৱস্থা গঢ়ি তোলাৰ সন্দৰ্ভত আলোচনা কৰা হয়।

বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কোনো ঠিকাদাৰে জি এছ টি ফাঁকি দিয়া তথ্য পোহৰলৈ আহিলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি মন্তব্য কৰে। তেওঁ ঠিকাদাৰসকলক এই ক্ষেত্ৰত কোনো ধৰণৰ অনিয়ম নকৰিবলৈ সতৰ্ক কৰি দিয়ে।