ৰাষ্ট্ৰীয়

September 5, 2026 10:12 AM

views 12

নাগালেণ্ডত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছেঃ মুখ্যমন্ত্রী নেইফিউ ৰিঅ’

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই কয় যে ৰাজ্যখন বর্তমান শান্তিপূৰ্ণ আৰু সুস্থিৰ হৈ পৰাৰ লগতে দেশৰ বাকী অংশ আৰু বিশ্বৰ সৈতে ক্রমান্বয়ে সংযুক্ত হৈ পৰিছে। বিধানসভাৰ চলিত অধিৱেশনত ভাষণ দি মুখ্যমন্ত্ৰী ৰিঅ'ই কয় যে আজি নাগালেণ্ড কেইবা দশকৰ আগৰ তুলনাত বহু পৰিমাণে পৃথক, যিয়ে শান্তি, সংযোগ আৰু উন্নয়ন...

September 5, 2026 10:09 AM

views 27

নতুন দিল্লীৰ শ্ৰীৰাম কলেজ অৱ কমাৰ্চৰ শতবার্ষিকী উদযাপন কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি শ্ৰীৰাম কলেজ অৱ কমাৰ্চৰ শতবার্ষিকী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই উপলক্ষে শ্রী মোদীয়ে সমাৱেশত ভাষণ দিব। শ্ৰীৰাম কলেজ অৱ কমার্চ ভাৰতৰ অন্যতম উচ্চ শিক্ষা প্রতিষ্ঠান। বাণিজ্য, অর্থনীতি আৰু ব্যৱস্থাপনাৰ বিশিষ্ট কেন্দ্ৰ এই মহাবিদ্যালয়খন ১৯২৬ চনত বিশি...

September 5, 2026 10:08 AM

views 25

এদিনীয়া ভ্ৰমণসূচীৰে আজি তামিলনাডুলৈ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ এদিনীয়া ভ্ৰমণসূচীৰে আজি তামিলনাডুৰ চেন্নাইত উপস্থিত হ'ব। ভ্রমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভালভুলাৰ আৰু গাঁথনিগত হৃদৰোগৰ চিকিৎসাক আগুৱাই নিয়াৰ বাবে উৎসৰ্গিত ৰাষ্ট্ৰীয় শৈক্ষিক সভা ইণ্ডিয়া-ভালভছ্ ২০২৬ত অংশগ্ৰহণ কৰাৰ লগতে চেন্নাইৰ গুইন্দিত ইণ্ডিয়া-ভালভছ্ ৰেজিষ্ট্রী মুকল...

September 5, 2026 10:04 AM

views 42

আজি শিক্ষক দিৱস, দেশৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শুভেচ্ছা

সমগ্র দেশতে আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। প্ৰখ্যাত শিক্ষাবিদ, লেখক, দার্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। এই দিৱসে জাতি গঠনত শিক্ষক আৰু শিক্ষাবিদৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীৰ জীৱনক ৰূপান্তৰিত কৰি সমা...

September 4, 2026 4:34 PM

views 21

সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি-নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন

সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি-নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দিয়া এটা বাৰ্তাত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু শিকনিস...

September 4, 2026 4:31 PM

views 19

নেপাল আৰু তীব্বতত হঠাতে অহা প্রলয়ংকৰী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১,২৮২ লৈ বৃদ্ধি

নেপাল আৰু তীব্বতত হঠাতে অহা প্রলয়ংকৰী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১,২৮২ হৈছে। নেপালৰ আৰক্ষী সূত্ৰই জনোৱা অনুসৰি চিটৱান অঞ্চলত ৩৫৯ গৰাকী ৰাছুৱাত ১৪০ গোৰ্খাত ৭২, ধাদিঙত ৬০ আৰু তানাহুত ৩৮ গৰাকী লোকৰ মৃত্যু হৈছে।  কাঠমাণ্ডুৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দুগৰাকী লোকৰ মৃত্যু হয়। দুর্যোগ প্রশমন আৰ...

September 4, 2026 4:37 PM

views 15

নতুন দিল্লীত আজিৰে পৰা ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত

নতুন দিল্লীত আজিৰে পৰা ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত ব্ৰিকছৰ সদস্য-ৰাষ্ট্ৰসমূহৰ লগতে সহযোগী দেশসমূহৰ পৰাও মুখ্য ন্যায়াধীশ, সৰ্বোচ্চ ন্যায়ালয়ৰ অধ্যক্ষ আৰু ন্যায়িক খণ্ডৰ জ্যেষ্ঠ প্রতিনিধিসকলে অংশগ্রহণ কৰিছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ আতিথ্যৰে আয...

September 4, 2026 4:16 PM

views 17

জি এছ এল ভি-এফ-১৭ৰ সফল উৎক্ষেপনৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক অভিনন্দন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ই অ’ এছ-০৫ নামৰ কৃত্ৰিম উপগ্ৰহটো কঢ়িয়াই নিয়া জি এছ এল ভি - এফ- ১৭ৰ সফল উৎক্ষেপনৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত শ্রীমোদীয়ে এই সফল উৎক্ষেপনৰ জৰিয়তে ভাৰতৰ মহাকাশ খণ্ডৰ উৎকৃষ্টতা, উদ্ভাৱনী শক্তি আৰ...

September 4, 2026 12:16 PM

views 49

ভগৱান শ্রীকৃষ্ণৰ জন্মাষ্টমী ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতি, উলহ-মালহেৰে উদযাপন

ভগবান শ্রীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে উলহ-মালহেৰে পালন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাজ্যখনৰ সত্ৰ নামঘৰসমূহৰ লগতে ঘৰে ঘৰে ব্যাপক আয়োজন চলিছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰতো বর্ণাঢ্য কাৰ্যসূচীৰ জন্মাষ্টমী উদযা...

September 4, 2026 11:57 AM

views 29

শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতৰ প্ৰথমটো ইমেজিং উপগ্রহ জি এছ এল ভি ৰকেটৰ সহায়ত সফলতাৰে উৎক্ষেপন

শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা আজি নিচেই পুৱা পৃথিৱীৰ গতিৰ সৈতে একে সময়তে প্রদক্ষিণ কৰা ভাৰতৰ প্ৰথমটো ইমেজিং উপগ্রহ জি এছ এল ভি ৰকেটৰ সহায়ত সফলতাৰে উৎক্ষেপন কৰা হয়। ভাৰতীয় মহাকাশ গবেষণা সংস্থাই জানিবলৈ দিছে যে অত্যাধুনিক পৃথিৱী পর্যবেক্ষণ ই অ' এছ-০৫ এই উপগ্রহটো উৎক্ষেপনৰ ১৮ মিনিটৰ পাছত ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।