October 17, 2026 12:18 PM | Nitin Nabin

printer

বিৰোধী দলসমূহে বিদেশী শক্তিৰ দ্বাৰা প্ৰভাৱান্বিত হৈ দেশত অস্থিৰতাৰ সৃষ্টি কৰা বুলি নীতিন নবীনৰ অভিযোগ

বিৰোধী দলসমূহে বিদেশী শক্তিৰ দ্বাৰা প্ৰভাৱান্বিত হৈ দেশত অস্থিৰতাৰ সৃষ্টি কৰা বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে অভিযোগ উত্থাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনবীনে কয় যে শাসন পৰিৱৰ্তন আদি শব্দৰ ব্যৱহাৰৰ জৰিয়তে বিৰোধী দলসমূহৰ মনোভাৱ প্ৰতিফলিত হৈছে। তেওঁ লগতে অভিযোগ কৰে যে বিৰোধী দলসমূহে ভোটাৰ তালিকাৰ সংশোধন বা যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ হকে যুঁজ দিয়াৰ পৰিৱৰ্তে দেশত অৰাজকতাৰ পৰিৱেশ সৃষ্টি কৰা যিকোনো প্ৰকাৰে ক্ষমতা দখল কৰাৰ প্ৰয়াস কৰি আছে। তেওঁ কয়, যে গণতন্ত্ৰত অৰাজকতাৰে নহয়, বৰং জনসাধাৰণৰ ৰায়দানৰ মাধ্যমেৰেহে শাসনত অধিষ্ঠিত হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে লগতে কয়, যে দেশৰ নাগৰিক আৰু বিজেপিয়ে কেতিয়াও দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক দুৰ্বল কৰিবলৈ কাকো কেতিয়াও অনুমতি নিদিয়ে।

আনহাতে নতুন দিল্লীত সাংবাদিকক সম্বোধন কৰি বিজেপিৰ মুখপাত্র সুধাংশু ত্ৰিৱেদীয়ে শাসন পৰিৱৰ্তন শব্দৰে বিৰোধীয়ে দেশত অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে বুলি অভিযোগ উত্থাপন কৰে। দেশৰ বিকশিত অর্থনীতিক ক্ষতি কৰাৰ লক্ষ্যৰে উৎসৱৰ সময়ত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত বিৰোধীয়ে এনে প্ৰতিবাদ সাব্যস্ত কৰা বুলি মুখপাত্ৰ শ্ৰীত্ৰিৱেদীয়ে উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।