কেন্দ্রীয় শিক্ষা মন্ত্র্যালয়ে শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ বাবে আবেদন আহ্বান কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্য ৰাজীৱ মোহন পণ্টৰ নিযুক্তি বাতিল কৰি ৰায় দিয়াৰ পাছতে মন্ত্র্যালয়ে এই ব্যৱস্থা গ্রহণ কৰিছে।
পূৰ্বতে অৰুণাচল প্ৰদেশৰ উত্তৰ-পূৱ আঞ্চলিক বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান- NERISTত ৭ বছৰ এমাহ আৰু গুৱাহাটী ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে ৬ বছৰ ৭মাহ কৰ্মৰত আছিল যদিও বিশ্ব বিদ্যালয় অনুদান আয়োগৰ নিয়ম অনুযায়ী নিযুক্তিৰ অৰ্হতাৰ ক্ষেত্ৰত শিক্ষণ আৰু প্ৰশাসনৰ অভিজ্ঞতা একেলগ গণনা কৰিব নোৱাৰি বুলি ন্যায়ালয়ে ৰায় দিয়ে।