October 17, 2026 12:50 PM | Aadhar Card

printer

পি এম কেয়াছৰ ফৰ চিলড্রেন আঁচনিৰ অধীনত বিশেষ ছাত্রবৃত্তি লাভৰ বাবে আধাৰ প্ৰমাণিকৰণ বাধ্যতামূলক

কেন্দ্ৰীয় চৰকাৰে পি এম কেয়াছৰ ফৰ চিলড্রেন আঁচনিৰ অধীনত বিশেষ ছাত্রবৃত্তি লাভৰ বাবে আধাৰ প্ৰমাণিকৰণ বা আধাৰ নম্বৰৰ প্ৰমাণ দিয়াটো বাধ্যতামূলক কৰিছে। সমাজ কল্যাণ আৰু সৱলীকৰণ মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পি এম কেয়াৰছৰ ফৰ চিল্‌ড্রেন আঁচনিৰ অধীনত বিশেষ ছাত্রবৃত্তি লাভ কৰা হিতাধিকাৰীসকলক প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ নিৰন্তৰ শিক্ষা অব্যাহত ৰখাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। অৱশ্যে আধাৰ প্ৰমাণিকৰণত বিফল হোৱা অথবা আধাৰ সংখ্যা দিব নোৱৰাৰ বাবে কোনো শিশুকে সাহায্য লাভৰ পৰা বঞ্চিত কৰা নহয় বুলি অধিসূচনাত স্পষ্ট কৰি দিয়া হৈছে। এনে ক্ষেত্ৰত শিশুৰ পৰিচয় পৰীক্ষা কৰি অধিসূচনাত উল্লেখ থকা নথি-পত্ৰৰ জৰিয়তে পিতৃ-মাতৃ বা আইনী অভিভাৱকৰ সৈতে সম্পৰ্কৰ পৰীক্ষা কৰি এই সুবিধা প্ৰদান কৰা হ’ব।