September 4, 2026 6:21 PM

views 16

ৰাজ্যৰ প্ৰায় ৯৯ শতাংশ লোকে আধাৰ কাৰ্ড লাভ কৰিবলৈ সমৰ্থ হৈছে

ৰাজ্যৰ প্ৰায় ৯৯ শতাংশ লোকে আধাৰ কাৰ্ড লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ অর্থাৎ UIDAIৰ গুৱাহাটীৰ আঞ্চলিক কার্যালয়ৰ সঞ্চালক এছ কে ছাক্সেনাই প্রকাশ কৰিছে। বৰপেটা চহৰৰ সৰ্বানন্দ পথত আজি এটা আধাৰ সেৱা কেন্দ্ৰ মুকলি অনুষ্ঠানত অংশ লৈ সঞ্চালকগৰাকীয়ে এইদৰে কয়। আধাৰ সম্পৰ্কীয় যিকোনো সমস্যা সমাধানত সহায়ক হোৱাকৈ স্থাপন কৰা এই কেন্দ্ৰটো বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে মুকলি কৰে। সঞ্চালক শ্রী ছাক্সেনাই কয়, যে অসমত ১৮ বছৰৰ উৰ্ধৰ লোকক আধাৰ প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দ্বাৰা নতুন ন...

December 29, 2025 4:39 PM

views 103

দেশত পানকাৰ্ড আৰু আধাৰকাৰ্ড সংযোগৰ বাবে অন্তিম সময়সীমা অহা ৩১ ডিচেম্বৰ ধাৰ্য

দেশত পানকাৰ্ড আৰু আধাৰকাৰ্ড সংযোগৰ বাবে অন্তিম সময়সীমা অহা ৩১ ডিচেম্বৰ ধাৰ্য কৰা হৈছে। নাগৰিকে কৰ আদায় দিয়াৰ সময়ত ব্যক্তিৰ আধাৰ আৰু পানকাৰ্ড সংলগ্ন কৰাটো বাধ্যতামূলক কৰা হৈছে। ২০২৪ চনৰ ১ অক্টোবৰতে আধাৰকাৰ্ড আৰু পানকাৰ্ড সংলগ্ন কৰাৰ এটা নিৰ্দেশ জাৰি কৰা হৈছিল আৰু পাছত এই সময়সীমা ২০২৫ চনৰ ৩ এপ্ৰিললৈ পুনৰ বৃদ্ধি কৰা হৈছিল। ৩১ ডিচেম্বৰৰ পূৰ্বে আধাৰকাৰ্ড আৰু পানকার্ড সংলগ্ন নকৰিলে এহেজাৰ টকাকৈ জৰিমণা ভৰিব লাগিব, অন্যথা পানকার্ডসমূহ নিশ্চিক্ৰীয় কৰি দিয়া হ'ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। এই স...

August 21, 2025 6:54 PM

views 70

ৰাজ্যৰ ১৮ বছৰ ঊৰ্ধৰ ব্যক্তিসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰকাৰ্ড প্রদান কৰা নহ’বঃ মুখ্যমন্ত্রী

ৰাজ্যৰ ১৮ বছৰ ঊৰ্ধৰ ব্যক্তিসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰকাৰ্ড প্রদান কৰা নহ'ব। কইনাধৰাত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ লোকসকলক এই ক্ষেত্ৰত এবছৰৰ বাবে শিথিলতা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্রী ড০ শর্মাই আধাৰকাৰ্ড নথকা লোকসকলক ছেপ্তেম্বৰ মাহৰ ভিতৰত আবেদন কৰিবলৈ সংবাদমেলত আহ্বান জনায়। ইয়াৰ পাছত অত্যন্ত জৰুৰী হ’লে সাধাৰণ লোকে জিলা আয়ুক্তৰ অনুমতি সাপেক্ষেহে আধাৰকাৰ্ডৰ বাবে আবেদন ...