October 17, 2026 12:14 PM | PMAY

printer

প্রধানমন্ত্ৰী আৱাস যোজনা- নগৰীয়াৰ দ্বিতীয় সংস্কৰণৰ অধীনত ১,৯৩,০০০ অধিক ঘৰৰ বাবে অনুমোদন প্রদান

প্রধানমন্ত্ৰী আৱাস যোজনা – নগৰীয়াৰ দ্বিতীয় সংস্কৰণৰ অধীনত ১ লাখ ৯৩ হাজাৰৰো অধিক অতিৰিক্ত ঘৰৰ বাবে অনুমোদন প্রদান কৰা হৈছে। এই অনুমোদনৰ লগে লগে যোজনাৰ অধীনত অনুমোদিত মুঠ ঘৰৰ সংখ্যা ২০ লাখ অতিক্ৰম হৈছে। নগৰ উন্নয়ন বিভাগৰ সচিব সতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত নতুন দিল্লীত কেন্দ্রীয় অনুমোদন আৰু নিৰীক্ষণ সমিতিৰ দশম বৈঠকৰ পাছতে কালি কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে এই ঘোষণা কৰে৷

অন্ধ্ৰপ্ৰদেশ, বিহাৰ, ছত্তীশগড়, গুজৰাট, কৰ্ণাটক, মিজোৰাম, ওড়িশা, ছিকিম, তেলেংগানা, উত্তৰ প্ৰদেশ, আৰু পশ্চিম বংগত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ অধীনত এই ঘৰসমূহ অনুমোদিত কৰা হৈছে। নগৰৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলক এই যোজনাৰ অধীনত ঘৰসমূহৰ বাবে যোগ্য বিবেচিত কৰা হৈছে।

বৈঠকৰ সময়ত সচিবগৰাকীয়ে গৃহ নিৰ্মাণৰ প্ৰস্তাৱ সময়মতে দাখিল আৰু প্ৰক্ৰিয়াকৰণ নিশ্চিত কৰিবলৈ মন্ত্ৰালয়, ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, আৰু নগৰীয়া স্থানীয় সংস্থাসমূহৰ মাজত ঘনিষ্ঠ সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।