October 17, 2026 12:34 PM | S.Joysankar

printer

১৯ আৰু ২০ অক্টোবৰত মুম্বাইত শ্বেখ আব্দুলা বিন-জায়েদ-আল নাহিয়ানৰ সৈতে ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে ১৯ আৰু ২০ অক্টোবৰত মুম্বাইত সংযুক্ত আৰৱ- আমিৰি ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্রী শ্বেখ আব্দুলা বিন-জায়েদ-আল নাহিয়ানৰ সৈতে বৈঠকত মিলিত হ’ব। নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে সংযুক্ত আৰৱ-আমিৰি ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰত আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ উমৈহতীয়া কৌশলগত অংশীদাৰিত্বৰ অধীনত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ সকলো বিষয় পর্যালোচনা কৰাৰ সুবিধা প্ৰদান কৰিব। দুয়োপক্ষই শক্তি, বাণিজ্য আৰু বিনিয়োগ, ফিনটেক, প্ৰতিৰক্ষা আৰু যোগাযোগ আদি পদক্ষেপসমূহৰ পৰ্যালোচনা কৰিব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে মুম্বাইত অহা ২০ অক্টোবৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্রী মার্ক’ ৰুবীঅ’ৰ সৈতে বৈঠকত মিলিত হ’ব। ড০ জয়শংকৰে লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতাৰ ২৫০ বছৰ উদযাপনৰ কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। শ্রীজয়ছোৱালে কয়, যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক পর্যালোচনা কৰাৰ সুবিধা প্ৰদান কৰিব আৰু উমৈহতীয়া গোলকীয় কৌশলগত অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় কৰাৰ আলোচনাৰ পথ মুকলি কৰিব। তেওঁ লগতে কয়, যে দুয়োপক্ষই শক্তি, বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা গুৰুত্বপূৰ্ণ আৰু উদ্ভাসিত প্ৰযুক্তিৰ লগতে আন পাৰস্পৰিক স্বার্থজড়িত বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। দুয়োপক্ষই লগতে আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভতো মত বিনিময় কৰিব।