ৰাষ্ট্ৰীয়

September 19, 2026 9:47 AM

views 8

পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ নিৰ্বাচিত জিলাসমূহৰ শ্ৰম বজাৰৰ সমীক্ষা প্রতিবেদন প্রকাশ

পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে দেশৰ নিৰ্বাচিত জিলাসমূহৰ শ্ৰম বজাৰৰ এক শেহতীয়া সমীক্ষা প্রতিবেদন প্রকাশ কৰিছে। ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয়ে প্ৰথমবাৰৰ বাবে জিলা পৰ্যায়ৰ এই সূচকাংক মুকলি কৰে। প্ৰতিবেদন অনুসৰি, দেশৰ প্ৰায় ৫৭.৮ শতাংশ জিলাত মহিলা শ্রম শক্তিৰ অংশগ্ৰহণৰ হাৰ ৪০ শতাংশ বা তা...

September 19, 2026 9:45 AM

views 5

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ বৈঠক

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে কালি এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ চমুকৈ এন চি আৰ সংলগ্ন আঠখন জিলাৰ বায়ুমণ্ডলৰ গুণগত মান উন্নত কৰাৰ বিভিন্ন পদক্ষেপ পর্যালোচনা কৰা হয়। ...

September 19, 2026 10:10 AM

views 30

জাপানৰ আইচি-নাগোয়াত এছিয়ান গেমছ; পালমা মিজুহো ষ্টেডিয়ামত উদ্ৱোধনী অনুষ্ঠান

জাপানৰ আইচি-নাগোয়াত আজি বিংশতম এছিয়ান গেমছ আৰম্ভ হ'ব। পালমা মিজুহো ষ্টেডিয়ামত আয়োজিত মুকলি অনুষ্ঠানত দ্বৈত অলিম্পিক পদক বিজয়ী শ্বুটাৰ মনু ভাকৰ আৰু শ্বটপুট খেলুৱৈ তাজিন্দপাল সিং তুৰে ভাৰতীয় দলৰ পতাকা বহন কৰিব। অহা চাৰি অক্টোবৰলৈ হ'বলগীয়া এই প্রতিযোগিতাত ভাৰতৰ ৫০০ তকৈও অধিক এথলীটে ৩৭টা ক্রীড়া ...

September 18, 2026 8:18 PM

views 8

বেংগালুৰুত হিন্দুস্তান এৰোনটিক্স লিমিটেডে ভাৰতীয় বায়ু সেনা আৰু পবনহংসক কেইবাখনো গুৰুত্বপূৰ্ণ বিমান আৰু হেলিকপ্তাৰ অৰ্পন কৰে

বেংগালুৰুত আজি ৰাজহুৱা খণ্ড বিমান নির্মাতা হিন্দুস্তান এৰোনটিক্স লিমিটেডে ভাৰতীয় বায়ু সেনা আৰু পবনহংসক কেইবাখনো গুৰুত্বপূৰ্ণ বিমান আৰু হেলিকপ্তাৰ অৰ্পন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং এই অর্পণ অনুষ্ঠানত উপস্থিত থাকে। হিন্দুস্তান এৰোনটিক্স লিমিটেডে বায়ুসেনাক লঘু যুঁজাৰু বিমান তেজছৰ দুখন আসন বি...

September 18, 2026 8:07 PM

views 9

শ্ৰীৰামৰ গাথা ভাৰতবৰ্ষৰ বাহিৰতো প্ৰোজ্বল হৈ থকা বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মত প্রকাশ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্ৰীৰামৰ গাথা ভাৰতবৰ্ষৰ বাহিৰতো প্ৰোজ্বল হৈ থকা বুলি মত প্রকাশ কৰিছে। আজি কেৰলমৰ কোচিত আয়োজিত এখন মহাগাথা, বহুতো কাহিনী, ৰামকথা সন্মিলনত তেওঁৰ ভাষণত শ্রীসিঙে ৰাম কথা এছিয়া মহাদেশৰ বিভিন্ন অঞ্চলত প্ৰচাৰিত আৰু প্ৰসাৰিত হৈ থকা বুলি উল্লেখ কৰে। জন্মভূমি মালয়ালম দৈনিক বাতৰি...

September 18, 2026 8:02 PM

views 7

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ভাৰ্চুৱেল ব্যৱস্থাৰে ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্র প্রদান কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে বিংশ ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা ৫১ হাজাৰৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্র প্রদান কৰিব। দেশৰ ৪৫ টা স্থানত বিংশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। নব নিযুক্ত প্ৰাৰ্থীসকলে কৰ বিভাগ, ৰে'ল বিভাগ, গৃহ পৰিক্ৰ...

September 18, 2026 7:58 PM

views 8

ইলেকট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে চেমিকণ্ডাক্টৰ উদ্যোগৰ গোলকীয় প্রেক্ষাপটত ভাৰত অন্যতম বিশ্বাসী অংশীদাৰৰূপে উজলি উঠা বুলি মন্তব্য কৰিছে

ইলেকট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণবে চেমিকণ্ডাক্টৰ উদ্যোগৰ গোলকীয় প্রেক্ষাপটত ভাৰত অন্যতম বিশ্বাসী অংশীদাৰৰূপে উজলি উঠা বুলি মন্তব্য কৰিছে। আজি নতুন দিল্লীত ছেমিকন ইণ্ডিয়া ২০২৬ ৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্রীবৈষ্ণৱে কয় যে চেমিকণ্ডাক্টৰ উদ্যোগত বিশ্বাসৰ পাত্ৰ হোৱাটো অতিকৈ গুৰুত্...

September 18, 2026 2:33 PM

views 13

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ সেৱাত ২৫ বছৰ সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ সেৱাত ২৫ বছৰ সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে। জন সেৱাই দেশ সেৱা মন্ত্ৰেৰে জনসাধাৰণৰ সেৱাৰ প্ৰতি অবিচল প্রতিশ্রুতিৰে তেওঁ এই যাত্রা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত চৰকাৰখনে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰে নিৰন্তৰ কাম কৰি আহিছে। সামগ...

September 18, 2026 2:14 PM

views 7

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সকলো নাগৰিকক এখন সমৃদ্ধিশালী, শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ সেৱাত নিজকে সমর্পণ কৰিবলৈ আহ্বান জনাইছে

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সকলো নাগৰিকক এখন সমৃদ্ধিশালী, শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ সেৱাত নিজকে সমর্পণ কৰিবলৈ আহ্বান জনাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে নতুন দিল্লীত কালি সেৱা সংকল্প অভিযানত অংশ লৈ কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শ্রী ৰিজিজুৱে উল্লেখ কৰে যে ভাৰত...

September 18, 2026 11:36 AM

views 17

বিশ্বৰ বাবে ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে ভাৰতে নিজকে প্ৰস্তুত কৰি তুলিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন্তব্য

যোগান শৃংখলাক অস্ত্র হিচাপে ব্যৱহাৰৰ ক্ৰমবর্ধমান মানসিকতাৰ মাজত বিশ্বৰ বাবে ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে ভাৰতে নিজকে প্রস্তুত কৰি তুলিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নতুন দিল্লীৰ যশোভূমিত কালি ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰি শ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।