ভাৰতে বিশ্বৰ বিনিয়োগোকাৰীসকলক সুস্থিৰ নীতি আৰু নিশ্চিতি প্ৰদান কৰিবলৈ সমৰ্থ হৈছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে প্রকাশ কৰিছে। নতুন দিল্লীত কালি ইনভেষ্ট তেলেংগানা শীর্ষক গোলকীয় সন্মিলন ২০২৬ৰ উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত শ্রীগোৱেলে এই কথা উল্লেখ কৰি কয় যে ভাৰত উন্নত বিশ্বৰ প্ৰেক্ষাপটত এখন আস্থাভাজন আৰু অগ্ৰাধিকাৰসম্পন্ন যোগানকাৰী হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে বিগত চাৰে চাৰি বছৰত ভাৰতে ৯খন মুক্ত বাণিজ্য চুক্তি চূড়ান্ত কৰিছে আৰু ৩৮খন ৰাষ্ট্ৰত ভাৰতীয় ব্যৱসায়ীসকলৰ বাবে দুৱাৰ মুকলি কৰি দিছে। সম্প্ৰতি আমাৰ দেশে বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ ৭০ ত্ৰিলিয়ন ডলাৰ বজাৰ লভ্যতাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰে বুলিও মন্ত্ৰীগৰাকীয়ে কয়। শ্রীগোৱেলে কয় যে ভাৰতে সম্প্ৰতি আৰু ৮খন দ্বিপাক্ষিক চুক্তি স্বাক্ষৰৰ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে আৰু ইয়াক ফলত দেশখনে বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ ৭৬ শতাংশ অর্থাৎ ১১৫ ত্রিলিয়ন ডলাৰৰ ব্যৱসায়ৰ ক্ষেত্ৰত লক্ষ্যতা নিশ্চিত কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত সম্প্ৰতি বিশ্বৰ আটাইতকৈ দ্রুত বিকশিত অর্থনীতি হিচাপে পৰিগণিত হৈছে।
শ্রীগোৱেলে কয় যে ২০৪৭ চনৰ ভিতৰত তেলেংগানাই ৩ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য স্থিৰ কৰিছে আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ সমন্বিত প্রচেষ্টা, উদ্যোগ, বিনিয়োগকাৰী আৰু নাগৰিকসকলক সহযোগত এয়া সম্ভৱ হৈ উঠিব। ৰাজ্যখনৰ দক্ষ, গুণসম্পন্ন আৰু যুৱ প্ৰজন্মই তেলেংগানাক বিকাশৰ নতুন দিগন্ত সূচনা কৰাত সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে ৰাজ্যখনৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলিও উল্লেখ কৰে।