বিশ্বৰ প্ৰতিটো সমস্যাৰ সমাধান যুদ্ধ বা সামৰিক শক্তিয়ে কৰিব নোৱাৰে বুলি ভাৰতে স্পষ্ট কৰি দিছে। সংঘাতৰ সমস্যামুক্ত সমাধানৰ বাবে কূটনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে মত প্ৰকাশ কৰিছে। আমেৰিকাৰ আটলাণ্টাত অনুষ্ঠিত জি-২০ বৈদেশিক মন্ত্ৰীৰ বৈঠকৰ প্ৰথমখন পূৰ্ণাংগ অধিৱেশনত নিজৰ ভাষণত তেওঁ এই মন্তব্য কৰে।
বৈদেশিক মন্ত্ৰীগৰাকীয়ে সাগৰীয় পথেৰে চলাচল কৰা জাহাজ আৰু নাবিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ আহ্বান জনায়। বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক আইন আৰু ৰাষ্ট্ৰসংঘৰ সমুদ্র আইন বিষয়ক সন্মিলন-ৰ নীতি অনুসৰি ৰাছিয়া-ইউক্রেইন যুদ্ধ তথা পশ্চিম এছিয়াৰ সংঘাতক কেন্দ্ৰ কৰি বিশ্বৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা উত্তেজনা হ্ৰাস কৰাৰ বিষয়টো তেওঁ সজোৰে উত্থাপন কৰে। তেওঁ লগতে কয় যে, গ্ল’বেল ছাউথৰ দেশসমূহে সাগৰীয় আক্ৰমণৰ ফলত অধিক পৰিণাম ভোগ কৰিবলগীয়া হৈছে। ইন্ধন, খাদ্য আৰু সাৰৰ দৰে প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে এই আক্রমণসমূহে সংকট কঢ়িয়াই আনিছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পশ্চিম এছিয়াত সংঘাত আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে ১৪ গৰাকী নাবিককে ধৰি কমেও ২২ গৰাকী ভাৰতীয়ই প্ৰাণ হেৰুৱাইছে।
যোৱা বৃহস্পতিবাৰে আটলাণ্টাত উপস্থিত হোৱা বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কেইবাখনো ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয়। জি-২০ বৈঠকৰ উপৰি তেওঁ জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে কোৱাডৰ বৈঠকত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে তেওঁ অহা ১৪ আৰু ১৫ ডিচেম্বৰত মায়ামিত হবলগীয়া জি-২০ সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিব।