October 31, 2026 12:58 PM | PM Gujrat

printer

একতা নগৰত প্রধানমন্ত্ৰীৰ আজি ৪০০ কোটিতকৈও অধিক ধন ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ নর্মদা জিলাৰ একতা নগৰত ৪০০ কোটিতকৈও অধিক ধন ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। এই প্রকল্পবোৰৰ ভিতৰত পয়ঃপ্ৰণালী নিষ্কাষণ আৰু জলশোধন ব্যৱস্থা, ঘৰৰ সন্মুখত আলোকৰ ব্যৱস্থা, নর্মদা ঘাট আৰু বৰ্ষাৰণ্যৰ উন্নয়ন আদি অন্তৰ্ভুক্ত হৈছে।

শ্ৰী মোদীয়ে আজি গুজৰাটত চৰ্দাৰ বল্লবভাই পেটেলৰ ১৫১ সংখ্যক জয়ন্তী উপলক্ষে ষ্টেচ্যু অব ইউনিটিত শ্রদ্ধা নিবেদন কৰিব। ইয়াৰ পাছতে শ্ৰী মোদী ৰাষ্ট্ৰীয় একতা দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

প্রধানমন্ত্ৰী শ্ৰী মোদীয়ে কালি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপনৰ অংশ হিচাপে একতা নগৰত ভাৰত পৰ্ব ২০২৬ উদ্বোধন কৰে। এই দিৱস ভাৰতৰ বৈচিত্ৰময় সংস্কৃতি, পৰম্পৰা, খাদ্যাভ্যাস, শিল্প আৰু ঐতিহ্য তুলি ধৰাৰ অর্থে এক ভাৰত শ্ৰেষ্ঠ ভাৰত বিষয়বস্তুৰ আধাৰত অহা ১৫ নৱেম্বৰলৈ উদযাপন কৰা হ’ব। শ্ৰী মোদীয়ে কালি ষ্টেচ্যু অব ইউনিটিৰ সমীপৰ ফুলৰ বাগিচা দৰ্শন কৰে। প্ৰায় ২৪ একৰ ভূমি জুৰি থকা এই ফুলৰ উপত্যকা জৈৱ বৈচিত্ৰ সংৰক্ষণৰ লগতে পৰিৱেশ অনুকূল পৰ্যটন ব্যৱস্থাৰূপে গঢ়ি তোলা হৈছে। তেওঁ লগতে বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ অনন্য সৃষ্টি আনন্দমঠৰ নাটকীয় পৰিৱেশনো উপভোগ কৰে। শ্ৰী মোদীয়ে একতা প্ৰকাশ পৰ্বৰ সাক্ষীৰূপে নমদা আৰতীতো অংশ লয়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে বানাছকান্থা জিলাত প্রায় এহেজাৰ ৪০০ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইবাটাও প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে।

শ্ৰী মোদীয়ে প্রধানমন্ত্রী কিষান সম্মান নিধিৰ ২৪ সংখ্যক কিস্তিৰ ধনো মুকলি কৰি দিয়ে। এই ধনৰ জৰিয়তে ১০ কোটি খেতিয়কক ১৮ হাজাৰ কোটি টকাৰ আৰ্থিক সাহায্য পোনপটীয়াকৈ হস্তান্তৰ কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি শ্রী মোদীয়ে কয়, যে খেতিয়কসকল দেশৰ উন্নয়ন যাত্ৰাৰ শক্তিশালী স্তম্ভ । তেওঁ কয়, যে কৃষকৰ কল্যাণ আৰু সৱলীকৰণৰ বাবে চৰকাৰে প্ৰাথমিক অগ্ৰাধিকাৰ দি আহিছে।

তেওঁ লগতে চৰকাৰৰ কৃষকমুখী নীতি আৰু সিদ্ধান্তসমূহৈ বিগত কেইটামান বছৰত কৃষকসকলক সহায় কৰাৰ কথাও উল্লেখ কৰে। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্রমণসূচীৰে কালি গুজৰাটত উপস্থিত হয়।