July 4, 2026 8:19 PM

views 11

গুজৰাটৰ সানন্দত চি জি ছেমি আউটছচড অর্ধপৰিবাহী সংযোজন আৰু পৰীক্ষণ সুবিধা চমুকৈ অ এছ এ টি মুকলি প্রধানমন্ত্রী মোদীৰ

ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ এটা মুখ্য পদক্ষেপ হিচাপে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সানন্দত চি জি ছেমি আউটছচড অর্ধপৰিবাহী সংযোজন আৰু পৰীক্ষণ সুবিধা চমুকৈ অ এছ এ টি মুকলি কৰে। ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ অধীনত ৭ হাজাৰ ৫০০ কোটি টকাৰো অধিক বিনিয়োগেৰে বিকশিত এই সুবিধা দেশৰ প্ৰযুক্তি উৎপাদনৰ যাত্ৰাত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। সম্পূৰ্ণৰূপে বিকশিত হোৱাৰ পাছত এই প্ৰকল্পটোৰ বছৰি ৫ বিলিয়ন অর্ধপৰিবাহী চিপ উৎপাদনৰ ক্ষমতা থাকিব।

June 4, 2026 4:13 PM

views 28

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু দমন ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু দমন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ চুৰাটত ১৮,৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, শক্তি আৰু ঔদ্যোগিক খণ্ডৰ ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে লগতে ছুৰাটত ২০০ খন বিছনাযুক্ত এখন ই এছ আই চি চিকিৎসালয় মুকলি কৰিব। সন্ধিয়াৰ ভাগত তেওঁ দমনলৈ যাব আৰু তাত দুহেজাৰ ৯৭০ কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পসমূহৰ ভিতৰত স্বাস্থ্য, অসামৰিক বিমান পৰিবহণ, পর্যটন, আন্তঃগাঁ...

January 10, 2026 7:42 PM

views 27

তিনিদিনীয়া ভ্রমণসূচীৰে গুজৰাটলৈ অহা প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি সোমনাথত উপস্থিত

 তিনিদিনীয়া ভ্রমণসূচীৰে গুজৰাটলৈ অহা প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি সোমনাথত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ প্ৰবাস পাটনাত উদযাপিত সোমনাথ স্বাভিমান পর্বত অংশগ্ৰহণ কৰাৰ কথা আছে। এহেজাৰ ২৬ চনত সোমনাথ মন্দিৰ আক্ৰমণৰ এহেজাৰ বছৰ সম্পূৰ্ণ আৰু ১৯৫১ চনত স্বাধীনতাৰ পাছত পুনৰুদ্ধাৰৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্রধানমন্ত্রীয়ে ওমকাৰ জপ পর্বত অংশগ্ৰহণ কৰিব। প্ৰাৰ্থনাৰ পাছতে প্রভাস পাতনাৰ আকাশত ড্রোণ শ্ব' প্ৰদৰ্শন কৰা হ'ব। কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে শৌর্য যাত্ৰাত অংশগ্ৰহণ কৰাৰ লগতে সোমনাথ মহাদেৱক প্ৰা...

March 8, 2025 7:41 PM

views 40

আন্তর্জাতিক নাৰী দিৱস উপলক্ষে নৱচাৰীত আয়োজিত লাখপতি দিদি সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি মহিলাসকলৰ জীবন উন্নত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰি বিজেপি চৰকাৰ মহিলা সৱলীকৰণৰ প্ৰতি উৎসর্গিত বুলি মন্তব্য কৰে। আন্তর্জাতিক নাৰী দিৱস উপলক্ষে গুজৰাটৰ নৱচাৰীত আয়োজিত লাখপতি দিদি সন্মিলনত অংশ লৈ তেওঁ কয় যে ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ দিশত আগবাঢ়িছে। চৰকাৰে প্ৰতিটো দিশত মহিলাৰ মৰ্যদা আৰু উন্নয়নৰ বাবে গুৰুত্ব প্রদান কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে। মহিলাসকলে বুনিয়াদি অনাময় ব্যৱস্থাৰ সুবিধা লাভ কৰাৰ উদ্দেশ্যে চৰকাৰে দেশত হাজাৰ হাজাৰ শৌচালয় নির...