ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ এটা মুখ্য পদক্ষেপ হিচাপে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সানন্দত চি জি ছেমি আউটছচড অর্ধপৰিবাহী সংযোজন আৰু পৰীক্ষণ সুবিধা চমুকৈ অ এছ এ টি মুকলি কৰে।
ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ অধীনত ৭ হাজাৰ ৫০০ কোটি টকাৰো অধিক বিনিয়োগেৰে বিকশিত এই সুবিধা দেশৰ প্ৰযুক্তি উৎপাদনৰ যাত্ৰাত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।
সম্পূৰ্ণৰূপে বিকশিত হোৱাৰ পাছত এই প্ৰকল্পটোৰ বছৰি ৫ বিলিয়ন অর্ধপৰিবাহী চিপ উৎপাদনৰ ক্ষমতা থাকিব।