নির্বাচন আয়োগে নাগালেণ্ড, অন্ধ্র প্রদেশ, মহাৰাষ্ট্ৰ, তেলেংগানা, হাৰিয়ানা আৰু দিল্লীত অব্যাহত থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ সময়সীমা বৃদ্ধি কৰিছে। আয়োগে প্ৰকাশ কৰা মতে মহাৰাষ্ট্ৰত দাবী আৰু ওজৰ-আপত্তি দাখিলৰ সময়সীমা অহা ১৩ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে। জাননী জাৰিৰ পৰ্যায় নাইবা ওজৰ আপত্তি নিষ্পত্তি প্ৰক্ৰিয়া ২৫ নৱেম্বৰ পৰ্যন্ত চলি থাকিব। একেদৰে নাগালেণ্ডতো ওজৰ-আপত্তি দাখিলৰ প্ৰক্ৰিয়া ২৫ নৱেম্বৰলৈ অব্যাহত থাকিব। অন্ধ্র প্রদেশ আৰু হাৰিয়ানাত জাননী জাৰি তথা ওজৰ-আপত্তি নিষ্পত্তি ব্যৱস্থা ২০ নৱেম্বৰলৈ চলি থাকিব। তেলেংগানাত এই প্রক্রিয়া ২৬ নৱেম্বৰলৈ অব্যাহত ৰখা হ’ব। পাঁচখন ৰাজ্যৰ বাবে চূড়ান্ত ভোটাৰ তালিকা ৩০ নৱেম্বৰত প্ৰকাশ পাব। ইপিনে, দিল্লীত ২৫ নৱেম্বৰলৈ ওজৰ-আপত্তি দাখিল প্রক্রিয়া চলি থাকিব। ১৫ ডিচেম্বৰলৈ এই আবেদনসমূহৰ আপত্তিসমূহ নিষ্পত্তি কৰা হ’ব আৰু ২২ ডিচেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব।
Assamese | October 30, 2026 1:01 PM | Election elcetion
নাগালেণ্ড, অন্ধ্রপ্রদেশ, মহাৰাষ্ট্ৰ, তেলেংগানা, হাৰিয়ানা আৰু দিল্লীত অব্যাহত থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ সময়সীমা বৃদ্ধি