August 21, 2026 5:55 PM

views 45

শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ মেঘলায়ৰ উপ-মুখ্যমন্ত্ৰীৰ সৈতে বার্তালাপ

মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে অসমৰ গাড়ীত চলোৱা আক্ৰমণৰ ঘটনাক লৈ দুয়োখন ৰাজ্যত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ব অর্পণ কৰিছে। ইয়াৰ পাছতে আজি দিছপুৰত শ্বিলঙৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰী বৰাই কয় যে, শ্বিলঙৰ প্ৰতিবাদৰ নামত ঘটা অপ্রীতিকৰ পৰিস্থিতিত শিশু সহ বহুতো লোক আঘাট প্রাপ্ত হয়। ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি এই সন্দৰ্ভত মেঘালয়ৰ...

August 19, 2026 8:34 PM

views 29

কেন্দ্রীয় কেবিনেটে আজি ৪ টা ৰে’ল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি ৫ টা প্ৰকল্পত অনুমোদন জনাইছে

কেন্দ্রীয় কেবিনেটে আজি ৪ টা ৰে'ল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি ৫ টা প্ৰকল্পত অনুমোদন জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্রীয় কেবিনেটে আজি ১৩ হাজাৰ ৪১ কোটি টকাৰ প্ৰকল্পত অনুমোদন জনায়। শ্রীবৈষ্ণৱে কয়, যে ৰে'লৱেৰ ৪ টা মালটিট্রেকিং প্রকল্পই সমগ্র পশ্চিমবংগ, ওডিশা, তামিলনাড়ু আৰু অন্ধ্ৰপ্ৰদেশৰ ৮ খন জিলা সামৰি লব। তেওঁ লগতে জনাই যে প্রায় ৯,৪৫০ কোটি টকা ব্যয় সাপে...

August 19, 2026 8:33 PM

views 30

মহাৰাজা বীৰ বিক্ৰম কিশোৰ মানিক্য বাহাদুৰৰ ১১৮ সংখ্যক জন্ম জয়ন্তীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্রদ্ধাঞ্জলি

আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মানিক্য বাহাদুৰৰ ১১৮ সংখ্যক জন্ম জয়ন্তীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীসিঙে কয় যে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মানিক্য বাহাদুৰে ত্ৰিপুৰাৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল। যাৰ ফলস্বৰূপে তেওঁৰ শাসনকালত কৃষি স্বাস্থ্য সেৱা, শিক্ষা, আন্তঃগাথনি আৰু যোগাযোগ খণ্ডত যথেষ্ট উন্নয়ন পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ প্ৰসাৰৰ বিষয়টোৱে প্ৰজন্মৰ পাছত প্ৰজন...

August 19, 2026 8:24 PM

views 23

গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ তামিলনাডুৰ মহাৱলীপূৰমত দক্ষিণ খণ্ড পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব

গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ তামিলনাডুৰ মহাৱলীপূৰমত দক্ষিণ খণ্ড পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব। এই পৰিষদত অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী, আন্দামান নিকোবৰ আৰু লক্ষদ্বীপ সন্নিবিষ্ট আছে। দক্ষিণ অঞ্চলৰ সদস্য ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপাল, মুখ্যমন্ত্ৰী, প্ৰশাসকসকলৰ লগতে প্ৰতিখন ৰাজ্যৰ দুজন জ্যেষ্ঠ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই বৈঠকৰ বাবে মুখ্য সচিব পৰ্যায়ৰ এখন স্থায়ী সমিতি গঠন কৰা হৈছে। প্ৰধান...

August 19, 2026 8:24 PM

views 33

প্রযুক্তি, সংবাদমাধ্যম, অর্থনীতি আৰু ৰাজহুৱা খণ্ডৰ নীতি- নির্দেশনাসমূহ দ্রুতগতিত পৰিৱৰ্তিত হৈছেঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে প্রযুক্তি, সংবাদমাধ্যম, অর্থনীতি আৰু ৰাজহুৱা খণ্ডৰ নীতি- নির্দেশনাসমূহ দ্রুতগতিত পৰিৱৰ্তিত হৈছে। ভাৰতীয় তথ্যসেৱা আৰু ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎকাৰৰ সময়ত তেওঁ এই কথা সদৰি কৰে। এই সন্দৰ্ভত বিষয়াসকলক নিৰপেক্ষ সিদ্ধান্ত গ্ৰহণ কৰা আৰু আচাৰ ব্যৱহাৰত দয়া আৰু সততা বৰ্তাই ৰখাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ হ'বলৈ পৰামৰ্শ প্ৰদান কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে জনসাধাৰণক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে বিষয়াসকলক ন্যস্ত কৰ...

August 19, 2026 8:11 PM

views 28

গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ ওপজা দিন

গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ ওপজা দিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। কবি, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধ লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই ১৯৪০ চনত ৰূপহী নামৰ চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। ১৯৬১ চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতি পদ তেওঁ অলংকৃত কৰিছিল। ১৯০৪ চনৰ আজিৰ দিনটোত শিৱসাগৰত জন্ম গ্ৰহণ কৰা গীতিকবিগৰাকীৰ গুণগুণনি, লুইতী, শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল আদিৰ গীতৰ পুথিৰে অসমীয়া গীতি সাহিত্যক চহকী কৰিছে।

August 19, 2026 7:58 PM

views 26

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অসমৰ পৰা স্থানান্তৰৰ বাবে অনুৰোধ জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা আবেদন অগ্ৰাহ্য উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অসমৰ পৰা স্থানান্তৰৰ বাবে অনুৰোধ জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদন অগ্ৰাহ্য কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ গোচৰ স্থানান্তৰৰ আবেদনখনৰ ভিত্তিত সকাহ দিবলৈ অস্বীকাৰ কৰে। ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত এই পৰ্য্যন্ত ১০০ জন সাক্ষীয়ে সাক্ষ্য প্রদান কৰিছে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষীৰ সংখ্যা হৈছে, ৩৯৪।

August 19, 2026 7:57 PM

views 32

জাপানী ভাষা শিকণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ

বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ স্থানীয় যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ তথা নিয়োগৰ সুযোগ লাভত সহায় হোৱাকৈ জিলাখনত জাপানী ভাষা শিকণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। সাংবাদিকৰ আগত আজি এই ঘোষণা কৰি শ্ৰীমহিলাৰীয়ে কয় যে অসম চৰকাৰ আৰু বিটিচিৰ মাজত আলোচনাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী সময়ত কোকৰাঝাৰত কোৰিয়ান আৰু চীনা ভাষা শিকণ কেন্দ্ৰও স্থাপনৰ সম্ভাৱনা আছে বুলি বিটিচিৰ মুৰববী গৰাকীয়ে উল্লেখ কৰে। এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ যুৱক-যুৱতীসকলক বিদেশী ভাষাত দক্ষতা অর্জনেৰে জাপ...

August 19, 2026 7:55 PM

views 40

ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিবঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড০ শৰ্মাই কয়, যে জনসাধাৰণৰ হিতার্থে প্রশাসনিক ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণ জৰুৰী হৈ পৰিছে। তেওঁ কয়, যে অতিৰিক্ত জিলা আয়ুক্তসকলক সৰ্বাধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে চালি জাৰি চোৱাৰ বাবে অহা মাহত জিলা আয়ুক্তসকলৰ এখন বৈঠক আহ্বান ...

August 19, 2026 7:17 PM

views 29

প্রাথমিক শিক্ষা সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন ঘটাইছে

প্রাথমিক শিক্ষা সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন ঘটাইছে। সেই অনুসৰি সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশৰ ১৪ দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে সঞ্চালকালয়ে যোৱা ১০ আগষ্টত পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেই অনুসৰি লোকপিয়লৰ কামত নিয়োজিত একাংশ শিক্ষকেও বদলিৰ নিৰ্দেশনা লাভ কৰিছিল। কিন্তু এই কামত জড়িত বিষয়া-কৰ্মচাৰীৰ বদলিকৰণ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে...