June 12, 2026 7:48 PM
26
ৰাজ্যৰ শ্ৰম বিভাগৰ অভিযান গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ৭ গৰাকী শিশু, কিশোৰ শ্ৰমিকক উদ্ধাৰ
শিশু শ্রমিক বিৰোধী দিৱসৰ দিনাই ৰাজ্যৰ শ্ৰম বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই ৭ গৰাকী শিশু, কিশোৰ শ্ৰমিকক উদ্ধাৰ কৰে। অভিযানকাৰী দলে ছয়মাইলত অভিযান চলাই ঘৰুৱা কামত নিয়োজিত ৩ গৰাকী কিশোৰীসহ এটি শিশু শ্রমিকক উদ্ধাৰ কৰে। তদুপৰি নুনমাটিৰ গেৰেজ আৰু কাৰ ৱাছ চেণ্টাৰত অভিযান চলাই দলটোৱে আন ৩ টি কিশোৰক উদ্ধাৰ কৰে। পাছত উদ্ধাৰ কৰা শিশুসকলক শ্রম বিভাগে শিশু কল্যান সমিতিক চমজাই দিয়ে। আনহাতে, শিশুক শ্রমিক হিচাপে নিয়োজিত কৰাসকলৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শ্রম বিভাগৰ বিষ...