September 2, 2026 6:19 PM

views 20

বিগত ৫ বছৰত অসম আৰক্ষীত ২১ হাজাৰ নিযুক্তি প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী ৫ বছৰতো এই ধাৰাবাহিকতা অক্ষুন্ন থাকিবঃ মুখ্যমন্ত্ৰী

অসম আৰক্ষীত অনাগত সময়ত ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয়, যে বিগত ৫ বছৰত অসম আৰক্ষীত ২১ হাজাৰ নিযুক্তি প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী ৫ বছৰতো এই ধাৰাবাহিকতা অক্ষুন্ন থাকিব। ড° শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত, প্ৰমাণপত্ৰ লাভ কৰিবল...

September 2, 2026 6:05 PM

views 37

অসম অৰুণাচল সীমান্তৰ হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ধেমাজিত দল সংগঠনৰ প্রতিবাদী কাৰ্যসূচী অব্যাহত

অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত যোৱা ১০ আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত ধেমাজিত দল সংগঠনে প্রতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। জিলাখনৰ ৭ টা জাতীয় সংগঠনৰ যৌথ মঞ্চ- ধেমাজী ঐক্যমঞ্চই স্থানীয় ৰাইজৰ সহযোগত আজি কাছাৰী ময়দানৰ সন্মুখত ৰাজহুৱা মুণ্ডন আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে এই ঘটনাৰে জড়িত দুর্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ, অসম অৰুণাচলৰ সীমা সমস্যাৰ সমাধান, অসমৰ মাটিত স্থাপন কৰা অৰুণাচলৰ নিৰাপত্তাৰক্ষীৰ শিবিৰ স্থানান্তৰকৰণ, আন্তৰাজ্যিক সীমা অঞ্চলত বাস কৰা অসমৰ প্ৰ...

September 2, 2026 6:04 PM

views 18

ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা

ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে সময়ে সময়ে কুৰিশ্ব জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত বাক্সা আৰু বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা মানাহ আৰু বেকী নৈৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ বাক্সা জিলাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে মৰা পাগলাদিয়া, কালদিয়া, পহুমাৰা আৰু পাগলাদিয়া নৈৰ জলস্তৰ বৃদ্ধি পাই আছে। অৱশ্যে বেকী নৈৰ জলস্তৰ এতিয়াও সুস্থিৰ হৈ আছে। বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভা...

September 2, 2026 5:58 PM

views 26

ভাৰতৰ অনাহত সিঙে লণ্ডন স্কোৱাচ ক্লাচিক প্ৰতিযোগিতাত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে

ভাৰতৰ অনাহত সিঙে লণ্ডন স্কোৱাচ ক্লাচিক প্ৰতিযোগিতাত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বৰ্তমানৰ বিশ্ব জুনিয়ৰ চেম্পিয়ন অনাহতে মহিলাৰ ছিংগলচৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ইজিপ্তৰ মৰিয়ম মেটৱালিক ১১-৩, ১১-২ ফলাফলত অনায়সে পৰাস্ত কৰে। ইপিনে পুৰুষৰ ছিংগলচৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ভাৰতৰ ৰমিত টেণ্ডনে কাটাৰৰ আব্দুলা অল টমিমিক ১১-৬, ১১-১৭ ফলাফলত পৰাস্ত কৰে। অৱশ্যে ভাৰতৰ আন এগৰাকী খেলুৱৈ বীৰ চোটৰাণী ছুইজাৰলেণ্ডৰ য়ানিক ৱিহেল্মীৰ হাতত ৯-১১, ৯-১১ ফলাফলত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়৷

September 2, 2026 5:48 PM

views 16

প্ৰকৃতিৰ সৈতে সমন্বয় তথা প্ৰকৃতি আৰু মানুহৰ মাজৰ সহাৱস্থান, পৰিৱেশ সংৰক্ষণৰ ভেটি হোৱা উচিতঃ ভূপেন্দ্ৰ যাদৱ

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে প্ৰকৃতিৰ সৈতে সমন্বয় তথা প্ৰকৃতি আৰু মানুহৰ মাজৰ সহাৱস্থান, পৰিৱেশ সংৰক্ষণৰ ভেটি হোৱা উচিত। নতুন দিল্লীত ‘বাঘৰ প্ৰাকৃতিক বাসস্থান : সংৰক্ষণ, জৈৱ অৰ্থনীতি আৰু জীৱিকা তথা আয়ৰ স্তম্ভ হিচাপে পৰিৱেশ পর্যটন' শীর্ষক ২ দিনীয়া আন্তঃৰাষ্ট্ৰীয় কর্মশালা উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। শ্ৰী যাদৱে প্ৰজেক্ট টাইগাৰৰ অধীনত ভাৰতৰ সংৰক্ষণ যাত্ৰাত আলোকপাত কৰি কয় যে বাঘৰ অস্তিত্ব বনাঞ্চল, ঘাঁহনি, নদী, চিকাৰ প্ৰজাতি,...

September 2, 2026 5:36 PM

views 25

ইউৰোপৰ অৰ্থনীতিৰ আয়ুক্ত ভল্‌দিছ ডম্বভছস্কিচক সাক্ষাৎ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি আমেৰিকাৰ এশ্বভিন্নত অনুষ্ঠিত জি-২০ৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৰ্ভনৰসকলৰ বৈঠকত অংশ লোৱাৰ সময়তে ইউৰোপৰ অৰ্থনীতিৰ আয়ুক্ত ভল্‌দিছ ডম্বভছস্কিচক সাক্ষাৎ কৰে। বিত্ত মন্ত্ৰালয়ৰ উদ্ধৃতি অনুসৰি দুয়োগৰাকী নেতাই ভাৰত-ইউৰোপীয় অর্থনৈতিক আৰু বিত্তীয় অংশীদাৰিত্ব শক্তিশালী কৰা আৰু বাণিজ্য তথা প্ৰযুক্তি পৰিষদৰ কাম-কাজকে ধৰি বিভিন্ন বিষয় লৈ আলোচনাত মিলিত হয়। তেওঁলোকে ভাৰত-ইউৰোপীয় মুক্ত বাণিজ্য চুক্তি আৰু বিনিয়োগ সুৰক্ষা চুক্তি সন্দৰ্ভতো আলোচনা কৰে। ইয়াৰ লগতে জ...

September 2, 2026 5:23 PM

views 30

নেপালৰ বিধবংসী বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১,১০০ অতিক্ৰম

নেপালৰ বিধবংসী বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাৰ এহেজাৰ ১০০ অতিক্ৰম কৰিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে বৰ্তমানলৈকে যোৱা সপ্তাহৰ ভয়াবহ বানে উটুৱাই নিয়া ১,১১৪ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। দক্ষিণ চিত্ৰবন জিলাৰ পৰা সৰ্বাধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে। বিষয়াসকলে প্ৰকাশ কৰা মতে এতিয়ালৈকে ৯৫ টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু আত্মীয়-স্বজনক গতাই দিয়া হৈছে। প্ৰায় ৪ হাজাৰ লোক এতিয়াও সন্ধানহীন হৈ আছে।

August 21, 2026 6:39 PM

views 34

সমগ্র শিক্ষা অসমে শিক্ষা যাত্রা : প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ

সমগ্র শিক্ষা অসমে শিক্ষা যাত্রা : প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ কৰিছে ২০২৬-২৭ বিত্তীয় বৰ্ষত বিদ্যালয়ৰ বৰ্হিভূত শিশুসকলক চিনাক্ত কৰি বিদ্যালয়ত নামভৰ্তি কৰাই পুনৰ শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, যে ইয়াৰ অধীনত সমগ্ৰ শিক্ষাৰ জিলা গুণগত মান ব্যৱস্থাপক আৰু শিক্ষা স্বেচ্ছাসেৱকসকলে প্ৰথমে বিদ্যালয়...

August 21, 2026 6:20 PM

views 55

শ্বিলঙত আবদ্ধ অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীৰ হেল্পলাইন নম্বৰ মুকলি

মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়তৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। এনে সমস্যাত পৰা যিকোনো ব্যক্তি বা বাহনৰ তথ্য পৰিয়ালৰ সদস্য বা যিকোনো লোকে এই হেল্পলাইন নম্বৰ দুটাত ফোন কৰি প্ৰদান কৰিব পাৰিব। ০৩৬১-২৩৮১৫১১ অথবা ৯১৮১০-১৪৮৮৮ হোৱাটছআপ নম্বৰত ব্যক্তি বা বাহনৰ তথ্য, যোগাযোগ নম্বৰ আদিকে ধৰি অন্যান্য তথ্যসমূহ প্ৰদান কৰিব পাৰিব। এই তথ্যৰ ভিত্তিত অসম চৰকাৰ তথা আৰক্ষীয়ে মেঘালয়ৰ সংশ...

August 21, 2026 6:04 PM

views 31

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে হাইলাকান্দি জিলাতো লোকপিয়ল পূর্ণগতিত অব্যাহত

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে হাইলাকান্দি জিলাতো লোকপিয়ল পূর্ণগতিত চলি আছে। জিলাখনত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে প্রায় ৯৫ শতাংশ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাম সম্পূৰ্ণ হৈছে। জিলাখনত ইয়াৰ বাবে এহেজাৰ ২০০ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে।