কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে প্ৰকৃতিৰ সৈতে সমন্বয় তথা প্ৰকৃতি আৰু মানুহৰ মাজৰ সহাৱস্থান, পৰিৱেশ সংৰক্ষণৰ ভেটি হোৱা উচিত। নতুন দিল্লীত ‘বাঘৰ প্ৰাকৃতিক বাসস্থান : সংৰক্ষণ, জৈৱ অৰ্থনীতি আৰু জীৱিকা তথা আয়ৰ স্তম্ভ হিচাপে পৰিৱেশ পর্যটন’ শীর্ষক ২ দিনীয়া আন্তঃৰাষ্ট্ৰীয় কর্মশালা উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
শ্ৰী যাদৱে প্ৰজেক্ট টাইগাৰৰ অধীনত ভাৰতৰ সংৰক্ষণ যাত্ৰাত আলোকপাত কৰি কয় যে বাঘৰ অস্তিত্ব বনাঞ্চল, ঘাঁহনি, নদী, চিকাৰ প্ৰজাতি, বন্যপ্ৰাণী কৰিডৰ আৰু স্থানীয় সম্প্রদায় সুস্থ হৈ থকাৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ উল্লেখ কৰে যে বাঘৰ প্ৰাকৃতিক ক্ষেত্ৰই মূল্যৱান প্রাকৃতিক পুঁজিক প্রতিনিধিত্ব কৰে, যিয়ে জল সুৰক্ষা, কার্বন নিষ্কাশন, জলবায়ু নিয়ন্ত্রণ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু জীৱিকাৰ সহায়ৰ দৰে গুৰুত্বপূৰ্ণ পৰিৱেশ তন্ত্ৰৰ সেৱা প্ৰদান কৰে৷
উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স, এছিয়ান ডেভেলপমেণ্ট বেংক আৰু ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ যৌথ উদ্যোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই দুদিনীয়া আলোচনাত বাঘৰ প্ৰাকৃতিক বাসস্থানক প্রাকৃতিক পুঁজি হিচাপে স্বীকৃতি দিয়া, পৰিৱেশ তন্ত্ৰ সেৱাৰ প্ৰমূল্যত আলোকপাত কৰা, আৰু সংৰক্ষণ, জৈৱ অৰ্থনীতি আৰু পৰিৱেশ পর্যটনে কিদৰে বহনক্ষম জীৱিকা, স্থানীয় আয় সৃষ্টি আৰু দীৰ্ঘম্যাদী পৰিৱেশ সুৰক্ষাৰ মূল চালিকা শক্তি হিচাপে কাম কৰিব পাৰে সেই বিষয়ে আলোচনা কৰা হ’ব।
এই উপলক্ষে আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স আৰু এছিয়ান ডেভেলপমেন্ট বেংকে বাসস্থান সংৰক্ষণ, বহনক্ষম উন্নয়ন, সামর্থ্য বিকাশ, জ্ঞান বিনিময় আৰু প্রকৃতি-ইতিবাচক বিত্তীয় পদক্ষেপৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে।