September 2, 2026 9:17 PM

views 23

চীনত অনুষ্ঠিত চীন মাষ্টাৰ্ছ ছেভেন ফিফটি প্রতিযোগিতাৰ একক শাখাত ভাৰতৰ কাদম্বি শ্রীকান্ত আৰু তনৱী শৰ্মা দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

চীনত অনুষ্ঠিত চীন মাষ্টাৰ্ছ ছেভেন ফিফটি প্রতিযোগিতাৰ একক শাখাত ভাৰতৰ কাদম্বি শ্রীকান্ত আৰু তনৱী শৰ্মা দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ২০২১ চনৰ বিশ্ব ছেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী কাদম্বী শ্রীকান্তে উদ্বোধনী খেলখনত চীনা টাইপেয়ীৰ চি ইউ জেনক ২১-১৬, ২১-১৫ পোনপটীয়া ছেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। পুৰুষৰ দ্বৈত শাখাত সত্তিকসাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ ছেটীৰ যুটীটোৱে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। মিক্সড ডাবলছৰ যুটী ধ্ৰুৱ কপিলা আৰু তনিশা ক্ৰাষ্টোৰ যুটীটোও দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে।

September 2, 2026 9:02 PM

views 21

মধ্য প্ৰদেশৰ শিৱপুৰীত দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি মধ্য প্ৰদেশৰ শিৱপুৰীত দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰে। তেওঁ শিৱপুৰীত আধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা মুখ্য ডাকঘৰটো উদ্বোধন কৰে। এতিয়াৰে পৰা স্থানীয় ৰাইজে একেটা স্থানতে স্পীড পোষ্ট, সঞ্চয় বেংক, ডাক জীৱন বীমা, আধাৰ আৰু বিভিন্ন বিত্তীয় সেৱা লাভ কৰিব পাৰিব। ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে শিৱপুৰীৰ কাকৰৱায়াত দেশৰ সপ্তমটো ডাক প্রশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে ভূমিপূজন অনুষ্ঠানত অংশগ্রহণ কৰে। প্ৰায় ৯১ কোটি...

September 2, 2026 8:47 PM

views 23

আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় পুৰুষ দল ঘোষণা

আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় পুৰুষ দলটো ঘোষণা কৰা হৈছে। শ্রেয়াছ আয়াৰে নেতৃত্ব দিবলগীয়া দলটোত তিলক বার্মা উপ-অধিনায়ক হিচাপে থাকিব। দলটোৰ আনকেইগৰাকীমান খেলুৱৈ হৈছে যশপ্রীত বুমৰা, ৱাশ্বিংটন সুন্দৰ আৰু হৰ্ষিত ৰাণা। অহা ১৩, ১৫ আৰু ১৭ ছেপ্তেম্বৰত নতুন দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত এই শৃংখলা অনুষ্ঠিত হ'ব।

September 2, 2026 8:45 PM

views 27

ডিব্ৰুগড় জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতৰ  ৫ জন অপৰাধীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত

ডিব্ৰুগড় জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে হত্যাৰ পৃথক পৃথক অভিযোগত অভিযুক্ত ৫ জন অপৰাধীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে এজনক ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড ৰায় দিছে। ৰায়দান কৰা গোচৰসমূহৰ ভিতৰত ডিব্ৰুগড় থানা চৌহদত সংঘটিত এটা নৃশংস হত্যাকাণ্ডৰ গোচৰক বিশেষ গুৰুত্ব সহকাৰে লোৱা হয়৷

September 2, 2026 8:42 PM

views 21

ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্তেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব

ভাৰতৰত্ন সন্মানেৰে সন্মানিত ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্তেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহীৰূহ ড° ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। বিগত বৰ্ষৰ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী ...

September 2, 2026 8:16 PM

views 18

গুৱাহাটী মহানগৰৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অৰুণোদয় সাৰথি কর্মশালা তথা প্ৰশিক্ষণৰ বিশেষ কার্যসূচী অনুষ্ঠিত

গুৱাহাটী মহানগৰৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি অৰুণোদয় সাৰথি কর্মশালা তথা প্ৰশিক্ষণৰ বিশেষ কার্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কৰ্মশালাৰ অৰুণোদয় সাৰথিসকলৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গৰ সৈতে মত-বিনিময় কৰে। অৰুণোদয় আঁচনি অসমৰ তৃণমূল পৰ্যায়ত মহিলাসবলীকৰণৰ এক শক্তিশালী মাধ্যম বুলি বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই আঁচনিৰ ধন প্ৰদান ব্যৱস্থা আৰু অধিক সহজ লভ্য কৰি তুলিবলৈ এই অৰুণোদয়...

September 2, 2026 7:07 PM

views 21

আই ই চি অভিযানৰ অংশ হিচাপে বজালী জিলাত এইছ আই ভি এইডছ আৰু যৌন সংক্ৰমিত ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা আই ই চি অভিযানৰ অংশ হিচাপে বজালী জিলাতো আজি এইছ আই ভি এইডছ আৰু যৌন সংক্ৰমিত ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বজালী জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বাঘমাৰাৰ নৰ্থ কামৰূপ মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত তাহিৰ আলম মুখ্য অতিথি হিচাপে উপস্থিত থাকে। কাৰ্যসূচীৰ অংশ হিচাপে এইছ আই ভি সংক্ৰমণৰ কাৰণ, প্ৰতিৰোধৰ উপায়, সময় মতে পৰীক্ষা-নিৰীক্ষাত গুৰুত্ব আৰু চিকিৎসাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰা হয়৷

September 2, 2026 7:09 PM

views 18

ৰহা অঞ্চলৰ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ৰহা টোলগেটত অঞ্চলটোত স্থানীয় বাসিন্দাসকলৰ টোল কৰ ৰেহাই দিয়াৰ ব্যৱস্থা

ৰহা অঞ্চলৰ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ৰহা টোলগেটত অঞ্চলটোত স্থানীয় বাসিন্দাসকলৰ টোল কৰ ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এক ৰাজহুৱা জাননী যোগে এই কথা ঘোষণা কৰে। আয়ুক্তগৰাকীয়ে উল্লেখ কৰে যে, সোণাপুৰ টোলগেটৰ আৰ্হিত ৰহাৱাসীকো টোল কৰৰ পৰা সকাহ দিয়াৰ বাবে টোলগেট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছে। সেই অনুসৰি ৰহাৰ ৰণথলীত থকা টেলগেটৰ ৭ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা বাসিন্দাসকলৰ ব্যক্তিগত বাহনৰ টোলকৰ ৰেহাই দিয়া হ'ব। এই সুবিধা লাভ কৰিবৰ বাবে এই অঞ্চলৰ বাসিন্দাসকল...

September 2, 2026 6:28 PM

views 31

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা অসম ৰাজ্যিক নির্বাচন আয়োগৰ

অসম ৰাজ্যিক নির্বাচন আয়োগে আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে। অহা ৩ অক্টোবৰত শিলচৰ পৌৰ নিগমৰ ৪২টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। প্রয়োজন হ'লে ৫ অক্টোবৰত পুনৰ ভোটদান অনুষ্ঠিত হ'ব বুলি নিৰ্বাচন আয়োগে সদৰী কৰে। শিলচৰ পৌৰ সভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত এইটোৱেই প্ৰথম নির্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ২০১৫ চনত শিলচৰ পৌৰ সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ১১ ছেপ্তেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ কৰাৰ অন্তিম দিন হিচাপে নির্বাচন আয়োগে প্ৰকাশ কৰে। ১৪ ছেপ্তেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষা আৰু সেইদিনাই...

September 2, 2026 6:25 PM

views 19

মঙলদৈ যুৱ সংঘত বিশ্ব নাৰিকল দিৱস উদযাপন

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰীলয়ৰ অধীনৰ ভাৰতীয় নাৰিকল উন্নয়ন পৰিষদ, অসম কৃষি বিশ্ববিদ্যালয় আৰু কাঁহিকুছিৰ নাৰিকল গৱেষণা কেন্দ্ৰৰ উদ্যোগত তথা কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ সহযোগত আৰু মঙলদৈ যুৱ সংঘত বিশ্ব নাৰিকল দিৱস উদযাপন কৰা হয়। অনিশ্চয়তাৰ সময়ত নাৰিকল–খাদ্য, শক্তি আৰু জীৱিকা সংৰক্ষণ শীৰ্ষক বিষয়বস্তুৰে উদযাপন কৰা এই কৰ্যসূচীত নাৰিকল উন্নয়ন পৰিষদৰ গুৱাহাটীৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ সঞ্চালককে ধৰি ভালেকেইগৰাকী কৃষি বিজ্ঞানী উপস্থিত থাকে। সভাত নাৰিকলৰ চাহিদা, ইয়াৰ উপকাৰিতা আৰু বিজ্ঞানসন্মতভাৱে নাৰি...