June 15, 2026 1:49 PM
16
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা ২১ জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা, নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে এন টি এ-ৰ ৱেৱছাইট neet.nta.nic.in-ৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। ২১ জুনত দিনৰ ২ বজাৰ পৰা ৫ বাজি ১৫ মিনিটলৈ পৰীক্ষা অনুষ্ঠিত হ'ব। এন টি এই পৰীক্ষাৰ্থীসকলক প্ৰৱেশ পত্র ডাউনলোডৰ পূৰ্বে ৰিফাণ্ডৰ বাবে তেওঁলোকৰ বেংক একাউণ্টৰ তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে।