ৰহা অঞ্চলৰ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ৰহা টোলগেটত অঞ্চলটোত স্থানীয় বাসিন্দাসকলৰ টোল কৰ ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এক ৰাজহুৱা জাননী যোগে এই কথা ঘোষণা কৰে।
আয়ুক্তগৰাকীয়ে উল্লেখ কৰে যে, সোণাপুৰ টোলগেটৰ আৰ্হিত ৰহাৱাসীকো টোল কৰৰ পৰা সকাহ দিয়াৰ বাবে টোলগেট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছে।
সেই অনুসৰি ৰহাৰ ৰণথলীত থকা টেলগেটৰ ৭ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা বাসিন্দাসকলৰ ব্যক্তিগত বাহনৰ টোলকৰ ৰেহাই দিয়া হ’ব। এই সুবিধা লাভ কৰিবৰ বাবে এই অঞ্চলৰ বাসিন্দাসকলে এখন বিশেষ অনুজ্ঞা পত্ৰৰ বাবে আৱেদন কৰিব পাৰিব।