শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা অসম ৰাজ্যিক নির্বাচন আয়োগৰ

অসম ৰাজ্যিক নির্বাচন আয়োগে আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে। অহা ৩ অক্টোবৰত শিলচৰ পৌৰ নিগমৰ ৪২টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। প্রয়োজন হ’লে ৫ অক্টোবৰত পুনৰ ভোটদান অনুষ্ঠিত হ’ব বুলি নিৰ্বাচন আয়োগে সদৰী কৰে।

শিলচৰ পৌৰ সভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত এইটোৱেই প্ৰথম নির্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ২০১৫ চনত শিলচৰ পৌৰ সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ১১ ছেপ্তেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ কৰাৰ অন্তিম দিন হিচাপে নির্বাচন আয়োগে প্ৰকাশ কৰে।

১৪ ছেপ্তেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষা আৰু সেইদিনাই প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব । নির্বাচনী আয়োগে ১৭ ছেপ্তেম্বৰত প্ৰাৰ্থীসকলে মনোনয়ন প্রত্যাহ্বাৰ কৰা অন্তিম দিন ধাৰ্য কৰিছে।

৬ অক্টোবৰত ভোটগণনা আৰু ফলাফল প্রকাশ পাব। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা আৰু তৎপৰতা আৰম্ভ হৈছে।