September 14, 2026 8:09 PM

views 9

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অসম অসামৰিক সেৱাৰ ৪ জন জ্যেষ্ঠ বিষয়াক নির্বাচনী পর্যবেক্ষক হিচাপে নিযুক্তি

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অসম অসামৰিক সেৱাৰ ৪ জন জ্যেষ্ঠ বিষয়াক নির্বাচনী পর্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্যিক নির্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি শিলচৰ পৌৰ নিগমৰ ৪২টা ৱাৰ্ডত ৪টা পর্যবেক্ষক জ’নত বিভক্ত কৰা হৈছে। ইতিমধ্যে পর্যবেক্ষকসকলে শিলচৰত উপস্থিত হৈ দায়িত্ব গ্ৰহণ কৰিছে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী, নির্বাচনী এজেণ্ট আৰু জনসাধাৰণে নির্বাচন সম্পৰ্কীয় যিকোনো বিষয়ৰ বাবে নিজ নিজ ৱাৰ্ডৰ ভাৰপ্ৰাপ্ত পর্যবেক্ষকৰ সৈতে যোগাযোগ কৰিব পাৰিব।

September 10, 2026 2:53 PM

views 11

শিলচৰ পৌৰ নিগমৰ আসন্ন নির্বাচনৰ বাবে কংগ্ৰেছ দলৰ প্রার্থী ঘোষণা

শিলচৰ পৌৰ নিগমৰ আসন্ন নির্বাচনৰ বাবে কংগ্ৰেছ দলে আজি প্রার্থী ঘোষণা কৰিছে। দলটোৱে আজি ৪২টা ৱাৰ্ডৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে। অহা ৩ অক্টোবৰত এই নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব ইয়াৰ বাবে শাসক-বিৰোধীৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। মনোনয়ন দাখিল প্ৰক্ৰিয়াও আৰম্ভ হৈছে। এই নিৰ্বাচনৰ বাবে বিজেপিয়েও দলীয় প্রার্থীৰ তালিকা ঘোষণা কৰিছে। লৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই নিৰ্বাচনী সমিতিৰ সিদ্ধান্ত অনুসৰি প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। এই অনুসৰি দলটোৱে ৪২টা ৱাৰ্ডৰ ভিতৰত ৩৮টাত প্রার্থী দিছে। ৪টা ৱাৰ্ড মিত্রদল অগপক...

September 2, 2026 6:28 PM

views 29

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা অসম ৰাজ্যিক নির্বাচন আয়োগৰ

অসম ৰাজ্যিক নির্বাচন আয়োগে আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে। অহা ৩ অক্টোবৰত শিলচৰ পৌৰ নিগমৰ ৪২টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। প্রয়োজন হ'লে ৫ অক্টোবৰত পুনৰ ভোটদান অনুষ্ঠিত হ'ব বুলি নিৰ্বাচন আয়োগে সদৰী কৰে। শিলচৰ পৌৰ সভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত এইটোৱেই প্ৰথম নির্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ২০১৫ চনত শিলচৰ পৌৰ সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ১১ ছেপ্তেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ কৰাৰ অন্তিম দিন হিচাপে নির্বাচন আয়োগে প্ৰকাশ কৰে। ১৪ ছেপ্তেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষা আৰু সেইদিনাই...

August 22, 2025 8:06 PM

views 37

শিলচৰত কন্যা শিশুৰ শিক্ষা আৰু সৱলীকৰণৰ উদ্দেশ্যে শৈক্ষিক ভ্ৰমণৰ আয়োজন

কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি প্রতিষ্ঠান শিলচৰত কন্যা শিশুৰ শিক্ষা আৰু সৱলীকৰণৰ উদ্দেশ্যে শৈক্ষিক ভ্ৰমণৰ আয়োজন কৰা হয়। বেটী বচাও, বেটী পঢ়াও কাৰ্যসূচীৰ অধীনত অনুষ্ঠিত এই এক্সপোজাৰ ট্যুৰত শিলচৰৰ চাৰিখন বিদ্যলায়ৰ মুঠ ৩৫ গৰকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত মৃদুল যাদবে পতাকা জোকাৰি এই কাৰ্যসূচী মুকলি কৰে। তেওঁ কয়, যে শিক্ষাৰ জৰিয়তে কন্যা শিশুৰ সৱলীকৰণ কৰাটো কেৱল নীতিয়ে নহয়, বৰং ই সামাজিক দায়বদ্ধতাও। শৈক্ষিক ভ্ৰমণত অংশগ্ৰহণ কৰা ছাত্ৰীসকলে নীট শিলচৰৰ গৱেষণা কেন্দ্ৰ...