শিলচৰ পৌৰ নিগমৰ আসন্ন নির্বাচনৰ বাবে কংগ্ৰেছ দলৰ প্রার্থী ঘোষণা

শিলচৰ পৌৰ নিগমৰ আসন্ন নির্বাচনৰ বাবে কংগ্ৰেছ দলে আজি প্রার্থী ঘোষণা কৰিছে। দলটোৱে আজি ৪২টা ৱাৰ্ডৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে। অহা ৩ অক্টোবৰত এই নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব ইয়াৰ বাবে শাসক-বিৰোধীৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। মনোনয়ন দাখিল প্ৰক্ৰিয়াও আৰম্ভ হৈছে। এই নিৰ্বাচনৰ বাবে বিজেপিয়েও দলীয় প্রার্থীৰ তালিকা ঘোষণা কৰিছে।

লৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই নিৰ্বাচনী সমিতিৰ সিদ্ধান্ত অনুসৰি প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। এই অনুসৰি দলটোৱে ৪২টা ৱাৰ্ডৰ ভিতৰত ৩৮টাত প্রার্থী দিছে।

৪টা ৱাৰ্ড মিত্রদল অগপক এৰি দিয়া হৈছে। যুৱ প্ৰজন্মৰ কেইবাগৰাকী আৰু মহিলাকো প্রার্থিত্ব প্ৰদান কৰা হৈছে।