September 4, 2026 6:21 PM

views 21

ৰাজ্যৰ প্ৰায় ৯৯ শতাংশ লোকে আধাৰ কাৰ্ড লাভ কৰিবলৈ সমৰ্থ হৈছে

ৰাজ্যৰ প্ৰায় ৯৯ শতাংশ লোকে আধাৰ কাৰ্ড লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ অর্থাৎ UIDAIৰ গুৱাহাটীৰ আঞ্চলিক কার্যালয়ৰ সঞ্চালক এছ কে ছাক্সেনাই প্রকাশ কৰিছে। বৰপেটা চহৰৰ সৰ্বানন্দ পথত আজি এটা আধাৰ সেৱা কেন্দ্ৰ মুকলি অনুষ্ঠানত অংশ লৈ সঞ্চালকগৰাকীয়ে এইদৰে কয়। আধাৰ সম্পৰ্কীয় যিকোনো সমস্যা সমাধানত সহায়ক হোৱাকৈ স্থাপন কৰা এই কেন্দ্ৰটো বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে মুকলি কৰে। সঞ্চালক শ্রী ছাক্সেনাই কয়, যে অসমত ১৮ বছৰৰ উৰ্ধৰ লোকক আধাৰ প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দ্বাৰা নতুন ন...

September 4, 2026 6:05 PM

views 16

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ পুখুৰীত মৃতদেহ উদ্ধাৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ পুখুৰীত আজি দিনৰভাগত এটা মৃতদেহ উদ্ধাৰ হয়। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ততালিকে ঘটনাস্থলীত উপস্থিত হৈ মৃত দেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎ‍সালয়লৈ প্ৰেৰণ কৰে। মৃত যুৱকজন মহাবিদ্যালয়ৰ কাষৰীয়া দাফাদাৰপাৰা গাঁৱৰ ছপিয়াল হুছেইন বুলি চিনাক্ত কৰা হৈছে। যুৱকজনে যোৱা নিশা মহাবিদ্যালয়খনত অনুষ্ঠিত নৱাগত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠানত অংশ লৈছিল বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষ...

September 4, 2026 6:06 PM

views 23

দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ গুৱাহাটীত উপস্থিত হ’ব

উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হ'ব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পৰহিলৈ দিনৰ ১০.৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত উপস্থিত থাকিব। সেইদিনাই বিয়লি ৩ বাজি ১৫ মিনিটত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আন এটা অনুষ্ঠানত ভাগ ল'ব। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাই সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশ ল'ব।

September 4, 2026 6:00 PM

views 13

শ্রীভূমিৰ কৃষকসকলৰ বাবে সাৰ বিক্ৰী আৰু বিতৰণ ব্যৱস্থাক অধিক স্বচ্ছ, সহজ আৰু প্ৰযুক্তি নিৰ্ভৰ কৰি তুলিবলৈ ম’বাইল এপ্লিকেচন মুকলি

শ্রীভূমি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি জিলাৰ কৃষকসকলৰ বাবে সাৰ বিক্ৰী আৰু বিতৰণ ব্যৱস্থাক অধিক স্বচ্ছ, সহজ আৰু প্ৰযুক্তি নিৰ্ভৰ কৰি তুলিবলৈ এটা ম'বাইল এপ্লিকেচন মুকলি কৰা হয়। জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীয়ে এই এপটো মুকলি কৰাৰ ফলত জিলাৰ কৃষকসকল উপকৃত হ'ব বুলি প্ৰকাশ কৰে । ইয়াৰ ফলত কৃষকসকলৰ সাৰ সম্পৰ্কীয় সেৱা অধিক দ্রুত আৰু ফলপ্ৰসূভাৱে আগবঢ়াই নিয়াত সহায়ক হ'ব বুলি তেওঁ উল্লেখ কৰে। জিলাখনৰ পঞ্জীয়নভুক্ত কৃষকসকলে তেওঁলোকৰ প্ৰয়োজনীয় সাৰ এই এপটোৰ জৰিয়তে অনুমোদিত সাৰ বিক্ৰী কেন্দ্...

September 4, 2026 5:18 PM

views 18

সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত ২০২৭ বৰ্ষৰ ১৯ আৰু ২০ ফেব্ৰুৱাৰীত ছ’ল চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত অহা বছৰৰ ১৯ আৰু ২০ ফেব্ৰুৱাৰীত ছ’ল চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত কালি জনতাভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, এই মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো জনগোষ্ঠীৰ হেৰাই যাবলৈ ধৰা কৃষি পদ্ধতিকে ধৰি বিভিন্ন পৰম্পৰাক ভৱিষ্যৎ‍ প্ৰজন্মৰ বাবে সাচি ৰাখিব পৰাকৈ নিৰ্মাণ কৰা তথ্যচিত্ৰৰ প্রতিযোগিতা অনুষ্ঠিত হব। ইয়াৰ বাবে প্ৰায় ৭১ খন এনে তথ্য চিত্ৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। সাংস্কৃতিক ...

September 4, 2026 5:12 PM

views 16

হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত ৰে’লপথত হোৱা ভূমিস্খলনত অঞ্চলটোত ৰে’ল সেৱা ব্যাহত

হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত ৰে'লপথত হোৱা ভূমিস্খলনৰ ফলত অঞ্চলটোত ৰে'ল সেৱা ব্যাহত হৈছে। ভূমিস্খলনৰ ফলত এই ৰে'লপথেৰে চলাচল কৰা কেইবাখনো যাত্ৰীবাহী ৰে'লগাড়ীৰ চলাচল উত্তৰ-পূব সীমান্ত ৰেলৱেই বাতিল কৰিছে। ৰে'ল বিভাগৰ উদ্ধৃতিৰে আকাশবাণীৰ হাইলাকান্দিৰ সংবাদদাতাই জানিবলৈ দিয়া মতে জামিৰা ৰে'ল ষ্টেচনৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ নিলগৰ ৰে'লপথত মাটি খহি পৰাৰ ফলত ৰে'ল চলাচল ব্যাহত হৈছে। এই ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ছাইৰাং-গুৱাহাটী এক্সপ্ৰেছ ৰেলগাড়ীখন হাইলাকান্দি ৰেল ষ্টেচনত আবদ্ধ হৈ আছে। ...

September 4, 2026 5:04 PM

views 27

চাইনা মাষ্টাৰ্ছ বেডমিণ্টনত ভাৰতীয় যুটি সাত্বিক ছাইৰাজ ৰণকিৰেড্ডি আৰু চিৰাগ ছেট্টী ডেনমাৰ্কৰ যুটি কিম আক্ট্রোপ আৰু এণ্ডাৰ্ছ স্কাৰূপ ৰাছমোচেনৰ বিৰুদ্ধে অৱতীৰ্ণ

চাইনা মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতীয় যুটি সাত্বিক ছাইৰাজ ৰণকিৰেড্ডি আৰু চিৰাগ ছেট্টীয়ে আজি বিয়লি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ডেনমাৰ্কৰ যুটি কিম আক্ট্রোপ আৰু এণ্ডাৰ্ছ স্কাৰূপ ৰাছমোচেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৪ বাজি ১০ মিনিটত আৰম্ভ হ'ব। ভাৰতীয় যুটিটোৱে যোৱানিশাৰ এখন খেলত ফ্ৰান্সৰ টোমা জুনিয়ৰ পপ’ভ আৰু ক্ৰিষ্ট' পপ’ভক ২১-১৭, ২২–২৪, ২১-৯ গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইপিনে, পুৰুষৰ ছিংগল্‌ছত কিদাম্বি শ্রীকান্তে আজি চেনজেনত অনুষ্ঠিত কোৱাৰ্টাৰ ...

September 4, 2026 4:34 PM

views 21

সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি-নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন

সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি-নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দিয়া এটা বাৰ্তাত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু শিকনিসমূহে দেশৰ সংস্কৃতি আৰু দার্শনিক ঐতিহ্যত এটা নতুন মাত্ৰা প্ৰদান কৰিছে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীকৃষ্ণৰ আদৰ্শক আঁকোৱালি লৈ বিকশিত ভাৰত আৰু সামগ্রিক বিকাশৰ বাবে অবিৰামভাৱে কাম কৰি যোৱাৰ বাব...

September 4, 2026 4:37 PM

views 18

নতুন দিল্লীত আজিৰে পৰা ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত

নতুন দিল্লীত আজিৰে পৰা ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মুখ্য ন্যায়াধীশসকলৰ মঞ্চৰ সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনত ব্ৰিকছৰ সদস্য-ৰাষ্ট্ৰসমূহৰ লগতে সহযোগী দেশসমূহৰ পৰাও মুখ্য ন্যায়াধীশ, সৰ্বোচ্চ ন্যায়ালয়ৰ অধ্যক্ষ আৰু ন্যায়িক খণ্ডৰ জ্যেষ্ঠ প্রতিনিধিসকলে অংশগ্রহণ কৰিছে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ আতিথ্যৰে আয়োজিত এই সন্মিলনৰ আজিৰ প্ৰথমটো দিনত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে ৰাছিয়া, চীন, ইজিপ্ত, ইণ্ডোনেছিয়া, সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ, বেলাৰুচ, কাজাখস্তান, দক্ষিণ আফ্রিকা, ইৰান আৰু উজবেকিস্তানৰ ন্যায়...

September 4, 2026 4:16 PM

views 27

জি এছ এল ভি-এফ-১৭ৰ সফল উৎক্ষেপনৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক অভিনন্দন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ই অ’ এছ-০৫ নামৰ কৃত্ৰিম উপগ্ৰহটো কঢ়িয়াই নিয়া জি এছ এল ভি - এফ- ১৭ৰ সফল উৎক্ষেপনৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত শ্রীমোদীয়ে এই সফল উৎক্ষেপনৰ জৰিয়তে ভাৰতৰ মহাকাশ খণ্ডৰ উৎকৃষ্টতা, উদ্ভাৱনী শক্তি আৰু ক্ৰমবৰ্ধমান সামর্থ্যৰ প্ৰতিফলন ঘটা বুলি মত প্ৰকাশ কৰে। ইছৰো আৰু ভাৰতীয় উদ্যোগৰ মাজত ক্রমান্বয়ে বৃদ্ধি পাই অহা সহযোগিতাই দেশখনৰ মহাকাশ আঁচনিসমূহলৈ নতুন শক্তিৰ যোগান ধৰা বুলিও উল্লেখ কৰি এই সফলতাক ত...