সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত ২০২৭ বৰ্ষৰ ১৯ আৰু ২০ ফেব্ৰুৱাৰীত ছ’ল চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত অহা বছৰৰ ১৯ আৰু ২০ ফেব্ৰুৱাৰীত ছ’ল চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত কালি জনতাভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে, এই মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো জনগোষ্ঠীৰ হেৰাই যাবলৈ ধৰা কৃষি পদ্ধতিকে ধৰি বিভিন্ন পৰম্পৰাক ভৱিষ্যৎ‍ প্ৰজন্মৰ বাবে সাচি ৰাখিব পৰাকৈ নিৰ্মাণ কৰা তথ্যচিত্ৰৰ প্রতিযোগিতা অনুষ্ঠিত হব।

ইয়াৰ বাবে প্ৰায় ৭১ খন এনে তথ্য চিত্ৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তীয়ে এই ক্ষেত্ৰত ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্রতিষ্ঠান আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহায় লোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায়।

মন্ত্ৰী বিমল বৰাই চলচ্চিত্ৰ মহোৎসৱখন সফলভাৱে অনুষ্ঠিত কৰাৰ দিশত সাংস্কৃতিক বিভাগৰ পৰা সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিয়ে। বৈঠকত চলচ্চিত্ৰৰ মাধ্যমেৰে উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ ঐতিহ্যক উদযাপন কৰি এই মহোৎসৱক প্ৰাণৱন্ত আৰু অৰ্থপূৰ্ণ মঞ্চ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় প্রস্তুতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়৷