September 7, 2026 1:48 PM

views 12

ধেমাজিৰ চিচিটঙানিৰ মেৰচাপৰিত কালি ভূমি অধিকাৰ সন্দৰ্ভত বিশাল গণ সমাৰোহ অনুষ্ঠিত

ধেমাজি জিলাৰ চিচিটঙানিৰ মেৰচাপৰিত কালি ভূমি অধিকাৰ সন্দৰ্ভত বিশাল গণ সমাৰোহ অনুষ্ঠিত হয়। মিছিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ মধ্য চিচিটঙানি আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সমাৰোহত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত জলডুবা ভূমি দখল কৰি অহা খিলঞ্জীয়া লোকক মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ জৰিয়তে ভূমিপট্টা প্রদান, পূৰ্বৰ গাঁও সভাৰ জৰিয়তে দিয়া ম্যাদী পট্টাৰ পৰ্যালোচনাকে ধৰি বহুকেইটা দাবী উপস্থাপন কৰা হয়। অনুষ্ঠানত জোনাইৰ বিধায়ক ভূৱন পেণ্ডকে ধৰি মিছিং জাতীয় দল-সংগঠন...

September 7, 2026 1:42 PM

views 23

মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ-এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত কালি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক

চুবুৰীয়া ৰাজ্য মণিপুৰত বিশেষ পুংখানুপুংখ নিৰীক্ষণ-এছ আই আৰ সম্পূৰ্ণ হোৱাৰ পাছত কালি জাৰি কৰা ভোটাৰ তালিকাত পুৰুষৰ তুলনাত মহিলাৰ ভোটদাতাৰ সংখ্যা অধিক পোৱা গৈছে। মুখ্য নির্বাচন বিষয়া অৰুণ কুমাৰ সিনহাই জনোৱা মতে ২০২৬ চনৰ পহিলা জুলাই পর্যন্ত মণিপুৰত মুঠ ১৯লাখ ৬০হাজাৰ ৬২০গৰাকী পঞ্জীয়নভুক্ত ভোটদাতা আছে। ইয়াৰে ১০লাখ ৬হাজাৰ ৯৬২গৰাকী মহিলা, ৯লাখ ৫৩হাজাৰ ৩৫০গৰাকী পুৰুষ আৰু ৩০৮ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। তেওঁ কয়, যে অন্তিমখন ভোটাৰ তালিকাত লিংগ অনুপাত হৈছে ১,০৫৬। ই ৰাষ্ট্ৰীয় গড় অনুপাততকৈ যথেষ্ট ...

September 7, 2026 12:49 PM

views 33

বিশ্বনাথত পঞ্চম বার্ষিক শ্বহীদ বীৰছা মুণ্ডা সদৌ অসম ভিত্তিত ফুটবল প্রতিযোগিতা উদ্বোধন বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাসৰ

বিশ্বনাথ জিলাৰ বিহালী চাহ বাগিচা খেল-পথাৰত কালি বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাসে পঞ্চম বার্ষিক শ্বহীদ বীৰছা মুণ্ডা সদৌ অসম ভিত্তিত ফুটবল প্রতিযোগিতা উদ্বোধন কৰে। পঞ্চম অসম কমাণ্ডো বেটেলিয়ন আৰু বিহালী ফুটবল একাদশৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ’লত ড্র' হোৱাত টাইব্ৰেকাৰৰ জৰিয়তে অসম কমাণ্ডো বেটেলিয়নে জয়লাভ কৰে। এই প্রতিযোগিতাত মাহৌৰ টাউন ক্লাব, ডিমা হাচাও, টিউলিপ একাডেমী, তেজপুৰ টাউন ক্লাব আৰু কাজিৰঙা ফুটবল একাদশৰ লগতে কেইবাটাও আগশাৰীৰ দলে অংশ লৈছে।

September 7, 2026 12:43 PM

views 34

নতুন দিল্লীৰ সত্য নিকেতন এলেকাত অট্টালিকা খহি পৰা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ লৈ বৃদ্ধি

নতুন দিল্লীৰ সত্য নিকেতন এলেকাত এটা অট্টালিকা খহি পৰা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ লৈ বৃদ্ধি হৈছে। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান এইমছৰ সূত্ৰই জানিবলৈ দিছে যে অট্টালিকাটো খহি পৰাৰ পাছত চিকিৎসালয়লৈ অনা ১১ গৰাকী লোকৰ ভিতৰত ৫ গৰাকীক মৃত অৱস্থাত অনা হৈছিল। ইয়াৰে গুৰুতৰভাৱে আহত আন এগৰাকী লোকৰ পাছত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। বর্তমান ৩ গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে এগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গ...

September 7, 2026 12:09 PM

views 68

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ কাইলৈ সামৰণি পৰিব। গুৱাহাটীৰ জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত কাইলৈ সুধাকণ্ঠলৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ লগতে ড° ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই উপলক্ষে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি ‘মানুহে মানুহৰ বাবে' শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শ...

September 4, 2026 8:07 PM

views 24

নাৰ্কটিক কন্ট্রোল ব্যুৰোৰ আগৰতলা শাখাৰ মিজোৰাম আৰু ত্ৰিপুৰাত দুটা পৃথক পৃথক অভিযানত প্রায় ১৭ কোটি ৮৪ লাখ টকাৰ ২২ কিলোগ্রাম মেটামফেটামাইন টেবলেট জব্দ

উত্তৰ পূৰ্বাঞ্চলত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলা অভিযানৰ অংশ হিচাপে নিচাযুক্ত দ্ৰব্য নিয়ন্ত্রক সংস্থা অর্থাৎ নাৰ্কটিক কন্ট্রোল ব্যুৰোৰ আগৰতলা শাখাই মিজোৰাম আৰু ত্ৰিপুৰাত দুটা পৃথক পৃথক অভিযানত প্রায় ১৭ কোটি ৮৪ লাখ টকাৰ ২২ কিলোগ্রাম মেটামফেটামাইন টেবলেট জব্দ কৰে। এই ঘটনাত ম্যানমাৰৰ এজন নাগৰিককে ধৰি ৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। সংস্থাৰ মিজোৰাম কার্যালয়ে স্থানীয় আৰক্ষী আৰু অনুসন্ধান সংস্থাৰ সহযোগত জোখাওথাৰ-চাম্ফাই খণ্ডৰ ভাৰত ম্যানমাৰ সীমান্তৰ সমীপত ২ ছেপ্তেম্বৰৰ মাজনিশা অভিযান চলাই ম্যানমাৰৰ এজন ...

September 4, 2026 7:13 PM

views 20

হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত ভূমিস্খলনৰ বাবে কেইবাখনো যাত্ৰীবাহী ৰে’লৰ চলাচল বাতিল

হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত প্ৰবল বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে অসমৰ জামিৰা আৰু মিজোৰামৰ বৈৰবীৰ মাজৰ ৰে'ল পথছোৱাৰে চলাচল কৰা কেইবাখনো যাত্ৰীবাহী ৰে'লগাড়ীৰ চলাচল বাতিল কৰা হৈছে। এই ভূমিস্খলনৰ ফলত আইজলৰ ছাইৰাং ৰে'ল ষ্টেচনৰ পৰা দেশৰ অন্যান্য প্ৰান্তলৈ যোৱা ৰে'লসমূহ বাতিল কৰাৰ লগতে গন্তব্য স্থান সলনি কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জনোৱা মতে কালি সন্ধিয়া প্ৰবল বৰষুণৰ ফলত ভূমিস্খলন হৈ জামিৰা আৰু বৈৰবীৰ মাজৰ ৰে'লপথৰ কটাখাল-...

September 4, 2026 6:37 PM

views 23

জনতা ভৱনত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কামকাজৰ অগ্ৰগতিৰ খতিয়ান মন্ত্ৰী অতুল বৰাৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি জনতা ভৱনত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ বিভাগটোৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কামকাজৰ অগ্ৰগতিৰ খতিয়ান লয়। মন্ত্ৰীগৰাকীয়ে বিভাগৰ বিভিন্ন আঁচনিসমূহৰ সুফল যাতে জনসাধাৰণে সময় মতে লাভ কৰে, তাৰ বাবে আঁচনিসমূহৰ ক্ষীপ্ৰ আৰু ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে বিষয়াসকলক বিভাগীয় কামকাজসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰী বৰাই যোগ্য বিষয...

September 4, 2026 9:33 PM

views 28

সমগ্ৰ দেশতে কাইলৈ শিক্ষক দিৱস উদযাপন

সমগ্ৰ দেশতে কাইলৈ শিক্ষক দিৱস উদযাপন কৰা হ'ব। এই উপলক্ষে কাইলৈ অসমতো ব্যাপক উৎসাহ-উদ্দীপনাৰে শিক্ষক দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানতে শিক্ষার্থীসকলে ব্যাপক প্রস্তুতি অব্যাহত ৰাখিছে। শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যৰ ১৫ গৰাকী শিক্ষকক চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কাইলৈ শিক্ষক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। দিনৰ ১১ ব...

September 4, 2026 6:21 PM

views 21

ৰাজ্যৰ ১৫ গৰাকী শিক্ষকক কাইলৈ চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ’ব

ৰাজ্যৰ ১৫ গৰাকী শিক্ষকক কাইলৈ চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰা হ'ব। ইপিনে, জিলা পৰ্যায়ত কামৰূপ মহানগৰ জিলাৰ ১৭ গৰাকী শিক্ষকলৈ কৃতি শিক্ষকৰ বঁটা আগবঢ়োৱা হৈছে। জিলা পৰ্যায়ৰ বাচনি সমিতিৰ পৰামৰ্শ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অনুমোদন অনুসৰি আজি বঁটা লাভ কৰা শিক্ষকসকলৰ নাম ঘোষণা কৰা হয়। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কাইলৈ শিক্ষক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত কৃতি শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব। দিনৰ ১১ বজাৰ পৰা হ'বলগীয়া...