ধেমাজিৰ চিচিটঙানিৰ মেৰচাপৰিত কালি ভূমি অধিকাৰ সন্দৰ্ভত বিশাল গণ সমাৰোহ অনুষ্ঠিত

ধেমাজি জিলাৰ চিচিটঙানিৰ মেৰচাপৰিত কালি ভূমি অধিকাৰ সন্দৰ্ভত বিশাল গণ সমাৰোহ অনুষ্ঠিত হয়।

মিছিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ মধ্য চিচিটঙানি আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সমাৰোহত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত জলডুবা ভূমি দখল কৰি অহা খিলঞ্জীয়া লোকক মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ জৰিয়তে ভূমিপট্টা প্রদান, পূৰ্বৰ গাঁও সভাৰ জৰিয়তে দিয়া ম্যাদী পট্টাৰ পৰ্যালোচনাকে ধৰি বহুকেইটা দাবী উপস্থাপন কৰা হয়।

অনুষ্ঠানত জোনাইৰ বিধায়ক ভূৱন পেণ্ডকে ধৰি মিছিং জাতীয় দল-সংগঠনৰ নেতাসকলে অংশগ্ৰহণ কৰে।