September 24, 2026 4:00 PM

views 31

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজিতো ১৭ ছেপ্তেম্বৰৰ পৰা অহা ২ অক্টোবৰলৈকে ‘স্বচ্ছতাই সেৱা’ শীৰ্ষক স্বচ্ছ ভাৰত মিছনৰ কাৰ্যসূচী ৰূপায়িত

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো যোৱা ১৭ ছেপ্তেম্বৰৰ পৰা অহা ২ অক্টোবৰলৈকে স্বচ্ছতাই সেৱা শীৰ্ষক স্বচ্ছ ভাৰত মিছনৰ কাৰ্যসূচী ৰূপায়িত হৈ আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মবার্ষিকী আৰু মোদীৰ সুশাসনৰ ২৫ বছৰীয়া কাৰ্যকালৰ লগত সংগতি ৰাখি সেৱা সংকল্প অভিযান উপলক্ষে স্বচ্ছতা কার্যসূচী ব্যাপক কৰি তোলাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন বিভাগে ভালেসংখ্যক কাৰ্যসূচী গ্ৰহণ কৰিছে। জিলাখনৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, ধেমাজি পৌৰ সভা, শিক্ষা, স্বাস্থ্য আদি সকলো বিভাগেই এই ক...

September 7, 2026 1:48 PM

views 11

ধেমাজিৰ চিচিটঙানিৰ মেৰচাপৰিত কালি ভূমি অধিকাৰ সন্দৰ্ভত বিশাল গণ সমাৰোহ অনুষ্ঠিত

ধেমাজি জিলাৰ চিচিটঙানিৰ মেৰচাপৰিত কালি ভূমি অধিকাৰ সন্দৰ্ভত বিশাল গণ সমাৰোহ অনুষ্ঠিত হয়। মিছিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ মধ্য চিচিটঙানি আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সমাৰোহত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত জলডুবা ভূমি দখল কৰি অহা খিলঞ্জীয়া লোকক মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ জৰিয়তে ভূমিপট্টা প্রদান, পূৰ্বৰ গাঁও সভাৰ জৰিয়তে দিয়া ম্যাদী পট্টাৰ পৰ্যালোচনাকে ধৰি বহুকেইটা দাবী উপস্থাপন কৰা হয়। অনুষ্ঠানত জোনাইৰ বিধায়ক ভূৱন পেণ্ডকে ধৰি মিছিং জাতীয় দল-সংগঠন...

September 30, 2025 7:24 PM

views 56

ধেমাজি জিলা পৰিবহণ বিভাগৰ উদ্যোগত চিলাপথাৰত বাটৰ নাট প্ৰদৰ্শন কৰি পথ সুৰক্ষাৰ সন্দৰ্ভত সজাগ কৰাৰ প্ৰয়াস

ধেমাজি জিলাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি জিলা পৰিবহণ বিভাগ আৰু জিলা পথ সুৰক্ষা সমিতিয়ে চিলাপথাৰ নগৰত এলানি বাটৰ নাট প্ৰদৰ্শন কৰি পথ সুৰক্ষাৰ নিৰ্দেশাৱলী জনসাধাৰণক মানি চলিবৰ বাবে সজাগ কৰোৱাৰ প্ৰয়াস চলায়। শাৰদীয় দুর্গোৎসৱৰ সময়ছোৱাত যাতে কোনো ধৰণৰ পথ দুৰ্ঘটনা যাতে সংঘটিত নহয়, তাৰ প্ৰতি জনসাধাৰণক সচেতন কৰাৰ উদ্দেশ্যেৰে ধেমাজিৰ অন্যতম নাট্যগোষ্ঠী ‘থিয়েটাৰি ৰং থিয়েটাৰি ছঙ’ৰ শিল্পীসকলে পৰিৱেশন কৰা বাটৰ নাটে সকলোকে আপ্লুত কৰে।